নিউজ ডেস্ক– আগন্তুক বিধানসভা নিৰ্বাচনক লৈ বিজেপিৰ প্ৰাৰ্থী তালিকা মাৰ্চৰ শেষৰ ফালে প্ৰকাশ পাব, বহু সমষ্টিত প্ৰাৰ্থী সলনি হোৱাৰ স্পষ্ট ইংগিত দিলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে। আজিৰে বিজেপিয়ে আৰম্ভ কৰিছে পৰিয়াল সম্পৰ্ক অভিযান। দিছপুৰ সমষ্টিৰ পৰা আৰম্ভ হৈছে এই অভিযানৰ | এই অভিযানত অংশ লৈ বিজেপিৰ ৰাজ্যিক সভাপতি জনে এইবাৰৰ নিৰ্বাচনত নতুন মুখ দেখা পাব বুলি ইংগিত দিয়ে।
‘পৰিয়াল সম্পৰ্ক অভিযান’ৰ শুভাৰম্ভৰ সময়তে দাসে সাংবাদিকৰ আগত কয়- ‘প্ৰাৰ্থীতালিকা আমাৰ মাৰ্চ মাহৰ অন্তিমভাগতহে হ’ব। এতিয়ালৈ ইউ পি পি এল, অসম গণ পৰিষদ আদি আমাৰ সহযোগী দলৰ লগত আলোচনা কৰা হোৱা নাই, ইয়াৰ লগতে আমি চলোৱা জৰীপৰ প্ৰতিবেদনো আহি পোৱা নাই। গতিকে মাৰ্চৰ প্ৰথম ভাগত আলোচনাত বহাৰ পিছত মাৰ্চৰ শেষত প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা হ’ব।’
আনহাতে, আগন্তুক নিৰ্বাচনত বহু প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ প্ৰসংগত ৰঞ্জিত দাসে কয়- ‘জৰীপৰ প্ৰতিবেদনে কি কয় সেয়া নাজানো,এতিয়া মোৰ সৰভোগ সমষ্টিত যদি জৰীপৰ প্ৰতিবেদনত মোৰ নাম নাহে, তেন্তে মই কোন বা নতুন-পুৰণি বা বিধায়ক-মন্ত্ৰীৰ কথা নাহে। জৰীপ অনুযায়ী কাৰ নাম আহে, তাৰ ওপৰতেই টিকট প্ৰদানৰ কথাটো আহিব। এই জৰীপ এক ৰাষ্ট্ৰীয় প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াৰ ফলাফল ভালেই পোৱা গৈছে যেতিয়া এইবাৰো জৰীপৰ ওপৰত সকলোখিনি নিৰ্ভৰ কৰিব।’
আজি বিজেপিত যোগদান কৰে অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া আনোৱাৰউদ্দিন চৌধুৰীয়ে।