মিকিৰ বামুণী গ্ৰাণ্টত কৃষকৰ বিক্ষোভ

নগাঁও – মিকিৰ বামুণী গ্ৰাণ্টত কৃষকৰ বিক্ষোভ। মিকিৰ বামুণী গ্ৰাণ্টৰ ভূমি ব্যক্তিগত কোম্পানীক গতাই দিয়াৰ বিৰুদ্ধে নগাঁৱত কৃষকৰ বিক্ষোভ। ভোগালীৰ আনন্দৰ মাজতে কৃষকৰ প্ৰতিবাদ।

এফালে ৰাজ্যজুৰি ভোগালী বিহুৰ উলহ মালহ পৰিৱেশ আৰু আনফালে ন্যায় প্ৰাপ্তিৰ যুঁজ। যি সময়ত সমগ্ৰ ৰাজ্যবাসী ভোগালীক আদৰিবলৈ ব্যস্ত সেই সময়তে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য একাংশ কৃষক।

নগাঁও জিলাৰ মিকিৰ বামুণী গ্ৰাণ্টৰ ৰায়তী খতিয়ানপ্ৰাপ্ত কৃষকৰ ভূমি ব্যক্তিগত কোম্পানীক গতাই দিয়াৰ বিৰুদ্ধে মঙলবাৰে নগাঁৱত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে কৃষকসকলে। মিকিৰ বামুণী গ্ৰাণ্টৰ ভূমি বে-আইনী আৰু অন্যায়ভাৱে “আজুৰ” নামৰ এটা ব্যক্তিগত কোম্পানীক গতাই দিয়াৰ অভিযোগ উত্থাপন কৰি নগাঁও জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে মিকিৰ বামুণী গ্ৰাণ্টৰ কৃষকসকলে।

নিখিল ভাৰত কৃষক সভাৰ নগাঁও জিলা সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, যৌথ সংগ্ৰামী মঞ্চ আদি কেবাটাও সংগঠনৰ সমৰ্থনত কৃষকসকলে ৰূপায়ন কৰে বিক্ষোভ কাৰ্যসূচী। বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে মিকিৰ বামুণী গ্ৰাণ্টৰ কৃষি ভূমি কোনো কাৰণত ব্যক্তিগত কোম্পানীক এৰি নিদিয়াৰ হুংকাৰ প্ৰদান কৰে কৃষকসকলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply