নিউজ ডেস্ক : দেশৰ আগশাৰীৰ সাংবাদিক তথা লেখক ৰাজদীপ সৰদেশাইক ইণ্ডিয়া টুডে কৰ্তৃপক্ষই দুসপ্তাহৰ বাবে কামৰ পৰা বিৰত ৰখাৰ লগতে এমাহৰ দৰমহা কৰ্তন কৰাৰ সিদ্ধান্ত লৈছে ।
সৰদেশায়ে নিউজ এজেন্সী ইণ্ডিয়া টুডেৰ কনচালটিং সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে। দিল্লীত যোৱা ২৬ জানুৱাৰীত হোৱা কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ সময়ত এগৰাকী কৃষক আৰক্ষীৰ গুলীচালনাত নিহত হোৱা বুলি টুইটযোগে প্ৰচাৰ কৰিছিল সৰদেশায়ে। ইয়াৰ লগতে তেওঁ সিদিনাই সঞ্চালনা কৰা টক শ্ব’তো এই বিষয়ে চৰকাৰক সমালোচনা কৰিছিল।
বুধবাৰে কৃষকগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ জৰিয়তে গুলীৰ পৰিৱৰ্তে ট্ৰেক্টৰ দুৰ্ঘটনাৰ বাবেহে তেওঁৰ মৃত্যু হোৱা বুলি প্ৰতিবেদন অহাৰ পিছতে ইণ্ডিয়া টুডে কৰ্তৃপক্ষই জ্যেষ্ঠ সাংবাদিকগৰাকীৰ ক্ষেত্ৰত এনে শাস্তি ঘোষণা কৰে।