হাইলাকান্দি – অসম-মিজোৰাম সীমান্তৰ কাছাৰৰ ধলাই সমষ্টিৰ হাৱাইথাঙৰ এখন বিদ্যালয় বোমাৰে উৰুৱালে মিজো দুর্বৃত্তই৷ আৰক্ষী, অর্ধ সামৰিক বাহিনীৰ তথাকথিত কটকটীয়া নিৰাপত্তাৰ মাজতে এই ঘটনা৷ এই ঘটনাত লায়লাপুৰ সীমান্তত তীব্র উত্তেজনাই বিৰাজ কৰিছে৷ পৰিস্থিতি নিয়ন্ত্রণৰ বাহিৰলৈ যোৱাৰ আশংকা কৰিছে সচেতন ৰাইজে৷

জানিব পৰা মতে, কালি ৰাতি ১-৩০ মান বজাত বিদ্যালয়খনত মিজো দুষ্কৃতিকাৰীয়ে বোমা বিস্ফোৰণ ঘটায়৷ আপাৰ পাইন’ম এল পি স্কুলত এই ঘটনা সংঘটিত হৈছে৷ বিস্ফোৰণৰ ফলত বিদ্যালয়খনৰ বিস্তৰ ক্ষতি হয়৷ সম্প্রতি বিদ্যালয়খন মিজো আই আৰ বেটেলিয়নৰ দখলত আছে৷ স্কুলখনৰ প্রধান শিক্ষক ধ্রুৱজ্যোতি দাসক স্কুল চৌহদলৈ যোৱাত বাধা দিয়ে মিজো আৰক্ষীয়ে৷

স্কুলত বোমা বিস্ফোৰণ ঘটোৱাৰ খবৰ পোৱাৰ পিছত কাছাৰৰ উপায়ুক্ত কীর্তি জল্লী, ডি আই জি দিলীপ কুমাৰ দে’, আৰক্ষী অধীক্ষক বি এল মীনাসহ প্রশাসনিক বিষয়াৰ এটা প্রতিনিধি দল লায়লাপুৰত উপস্থিত হয়৷ উল্লেখ্য যে দুখন ৰাজ্যৰ সীমা বিবাদক লৈ লায়লাপুৰত কেন্দ্রীয় নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছিল যদিও মিজোৰ অতপালি বন্ধ হোৱা নাই৷ এই ঘটনাৰ সত্যতা নিশ্চিত কৰিছে ডি আই জি দিলীপ কুমাৰ দে’ই৷ তেওঁ কয় যে অসম সীমান্তৰ খুলিছড়াত সশস্ত্র সীমা বল মোতায়েন কৰা হৈছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply