মিন্টাৰ লগ'ৰ বিৰুদ্ধে মহিলাৰ শ্লীলতা হানিৰ গোচৰ

নিউজ ডেস্ক: জনপ্ৰিয় অনলাইন শ্বপিং প্লেটফৰ্ম মিন্টাৰ লগ’ৰ বিৰুদ্ধে মুম্বাই চাইবাৰ চেলত গোচৰ তৰাৰ পিছতেই কোম্পানীটোৱে লগে লগেই লগ’ সলনি কৰাৰ সিদ্ধান্ত ল’লে কৰ্তৃপক্ষই।

মুম্বাইৰ নাজ পেটেল নামৰ সমাজকৰ্মীগৰাকীৰ অভিযোগ মতে মিন্টাৰ লগ’ত অপমানসূচকভাৱে উপস্থাপন কৰা হৈছে মহিলাক। লগ’টোৰ জৰিয়তে হানি হৈছে মহিলাৰ শ্লীলতা। মুম্বাই আৰক্ষীৰ ছাইবাৰ চেলৰ লগতে বিভিন্ন স্থানত অভিযোগ দাখিল কৰে অভেষ্টা ফাউন্ডেচন নামৰ এনজিঅ’টোৰ সদস্যা গৰাকীয়ে। বিষয়টো গুৰুত্ব সহকাৰে লয় মুম্বাই আৰক্ষীয়েও।

এই কথা পোহৰলৈ অহাত মিন্টা কৰ্তৃপক্ষই লগ’ টো সোনকালেই সলনি কৰাৰ প্ৰতিশ্ৰুতি দিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply