মুকলি আকাশৰ তলত অহাৰ সম্ভাৱনা অখিল গগৈৰ

নগাঁও – নতুন বছৰৰ প্ৰথমটো মাহৰ প্ৰথম সপ্তাহতে মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা কৃষক নেতা অখিল গগৈৰ। নগাঁৱত অখিল গগৈৰ মুক্তি সন্দৰ্ভত মন্তব্য অখিল গগৈৰ অধিবক্তা কৃষ্ণ গগৈৰ। বিগত এবছৰ ধৰি কাৰাবন্দী হৈ আছে কৃষক নেতা অখিল গগৈ।

“কা” আন্দোলনত সন্মুখৰ পৰা নেতৃত্বত প্ৰদান কৰা কৃষক নেতা অখিল গগৈ বিগত এবছৰ ধৰি কাৰাবন্দী হৈ আছে। অখিল গগৈৰ মুক্তিকলৈ সকলো জল্পনা-কল্পনা অন্ত হোৱাৰ দিশত। অখিল গগৈৰ মুক্তি সন্দৰ্ভত মুখখুলিলে অখিল গগৈৰ অধিবক্তা কৃষ্ণ গগৈয়ে। বুধবাৰে নগাঁৱত অখিল গগৈৰ মুক্তি সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কৃষ্ণ গগৈয়ে কয় চৰকাৰে যদি পুনৰ অখিল গগৈৰ ওপৰত গোচৰ জাপি নিদিয়ে তেন্তে জানুৱাৰীৰ প্ৰথম সপ্তাহতে মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা আছে অখিল গগৈৰ।

এন আই এ’ৰ এটা গোচৰত ইতিমধ্যেই অখিল গগৈয়ে জামিন লাভ কৰিছে যদিও আন এটা গোচৰত কাৰাবন্দী হৈ আছে কৃষক নেতা অখিল গগৈ। “কা” আন্দোলনত জড়িত হৈ ১৩ টাকৈ গোচৰত বিগত এটা বছৰে কাৰাবন্দী হৈ থকা অখিল গগৈ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে জামিন লাভৰ সম্ভাৱনা আছে যদিও চৰকাৰে পুনৰ সড়যন্ত্ৰমূলকভাৱে আন এক গোচৰ জাপি দিয়াৰো সম্ভাৱনা আছে বুলি আশংকা কৰিছে অধিবক্তাগৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply