টকাৰ পৰা ২৫ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ ঘোষণা Credit: ঘোষণা কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

গুৱাহাটী – মুক্তি যুঁজাৰুসকলৰ পেঞ্চন ২১ হাজাৰ টকাৰ পৰা ২৫ হাজাৰ টকালৈ বৃদ্ধি কৰা হ’ব বুলি ঘোষণা কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। লগতে মুক্তি যুঁজাৰুসকলে লাভ কৰিব বিনামূলীয়া স্বাস্থ্যসেৱা বুলিও ঘোষণা মুখ্যমন্ত্ৰীৰ।

মুক্তিযুঁজাৰুসকলৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গ্ৰহণ কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। শনিবাৰে অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনৰ প্ৰতিনিধিৰে মুখ্যমন্ত্ৰীৰ এক বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে মুক্তিযুঁজাৰুসকলৰ বাবে গ্ৰহণ কৰা সিদ্ধান্ত সমূহ ঘোষণা কৰে।

মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে মুক্তি যুঁজাৰুসকলে এতিয়াৰে পৰা বিনামূলীয়া স্বাস্থ্যসেৱা লাভ কৰিব। মুক্তি যুঁজাৰুসকলৰ পেঞ্চন বৰ্তমানৰ ২১ হাজৰৰ পৰা ২৫ হাজাৰলৈ বৃদ্ধি কৰা হ’ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। অসম মুক্তি যুঁজাৰু সাহাৰ্য্য নীতিৰ সংশোধনৰ সিদ্ধান্তও গ্ৰহণ কৰা হয় বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

লগতে অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনৰ অনুৰোধৰ ভিত্তিত ৰাজ্যৰ ১৯ গৰাকী স্বাধীনতা আন্দোলনৰ শ্বহীদৰ নিকটাত্মীয়ক ৫ লাখ টকাকৈ এককালীন আৰ্থিক সাহাৰ্য্য প্ৰদান কৰাৰ ঘোষণাও কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশ ক্ৰমে শুকুৰবাৰে মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী লাষ্টগেটত আন্দোলনৰত অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনৰ বিষয়ববীয়া সকলৰ লগত এক আলোচনাত মিলিত হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply