গুৱাহাটী – ভাৰতীয় প্ৰশাসনিক বিষয়া পৱন বৰঠাকুৰক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অতিৰিক্ত মুখ্য সচিবৰ দায়িত্ব অৰ্পণ কৰা হৈছে। শেহতীয়াকৈ সঞ্জয় লোহিয়াক নতুন দিল্লীলৈ স্থানান্তৰ কৰাৰ পিছতে তেওঁৰ স্থানত স্থলাভিষিক্ত কৰা হৈছে পৱন বৰঠাকুৰক। বৰ্তমান সংস্কাৰ আৰু উন্নয়ন বিভাগ,সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব তথা অসম প্ৰশাসনীয় ন্যায়াধিকৰণৰ অধ্যক্ষ পৱন বৰঠাকুৰক মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিবৰ দায়িত্ব দিয়া হৈছে।
ৰাজ্যৰ কৰ্মচাৰী বিভাগে কালি এক অধিসূচনাযোগে ভাৰতীয় প্ৰশাসনিক বিষয়াগৰাকীক দায়িত্ব অৰ্পণ কৰে। ইতিমধ্যে কালিয়েই সঞ্জয় লোহিয়াই দায়িত্বৰ পৰা বিদায় লৈছে।
আনহাতে,অসম প্ৰশাসনীয় ন্যায়াধিকৰণৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে মনিন্দৰ সিঙক। মনিন্দৰ সিঙে সম্প্ৰতি গুৱাহাটী উন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব আৰু নতুন দিল্লীস্থিত অসম ভৱনৰ আবাসিক আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।