নিউজ ডেক্স: অসম বিধানসভাৰ নিৰ্বাচনৰ বাবে সাজু দেশৰ নিৰ্বাচন আয়োগ | দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল অৰোৰাৰ নেতৃত্বত সোমবাৰে অসমলৈ আহিব এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল। ৩ দিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব দলটো। ৩ দিনীয়া ভ্ৰমণকালত ৰাজ্যৰ সমাগত নিৰ্বাচনকেন্দ্ৰিক পৰিস্থিতিৰ বুজ ল’ব দলটোৱে।
সোমবাৰে বিয়লী আহি দলটো উপস্থিত হ’ব গুৱাহাটীত |গুৱাহাটীত উপস্থিত হৈ মুখ্যসচিব, গৃহসচিব, DGP, মুখ্য নিৰ্বাচন বিষয়াৰে আলোচনাত মিলিত হ’ব দলটো। আনহাতে জিলাসমূহৰ নিৰ্বাচন বিষয়া, উপায়ুক্ত, আৰক্ষী অধীক্ষকৰেও বৈঠকত মিলিত হ’ব দলটো। ইয়াৰ লগতে ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতেও আলোচনাত বহিব নিৰ্বাচন আয়োগৰ দলটো |
দলটোত থাকিব সুশীল চন্দ্ৰ, ৰাজীৱ কুমাৰ, ধৰ্মেন্দ্ৰ শৰ্মা, চন্দ্ৰ ভূষণ কুমাৰকে ধৰি বহুকেইজন জ্যেষ্ঠ বিষয়া। নিৰ্বাচন আয়োগৰ প্ৰতিনিধি দলটোৰ বিভিন্ন বৰ্গৰ সৈতে সকলোবোৰ আলোচনা হ’ব হোটেল ৰেডিচন ব্লুত | ২০ জানুৱাৰীত উভতি যাব দলটো | মাৰ্চ মাহতেই নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ সম্ভাবনা | ৰঙালী বিহুৰ আগে পাচে অসমত দুই অথবা তিনিটা পৰ্যায়ত নিৰ্বাচন হোৱাৰ সম্ভাবনা আছে |