নিউজ ডেস্ক- দিল্লীৰ মুখ্য়মন্ত্ৰী অৰবিন্দ কেজৰিৱালক দিল্লী আৰক্ষীয়ে গৃহবন্দী কৰাৰ অভিযোগ ভুৱা বুলি উত্থাপন কৰে দিল্লী আৰক্ষীৰ এজন জ্যেষ্ঠ বিষয়াই। কৃষি আইনৰ বিৰুদ্ধে দিল্লী সীমান্তত প্ৰতিবাদ সাব্যস্ত কৰি থকা কৃষকসকলক সোমবাৰে সাক্ষাৎ কৰাৰ পিছৰে পৰা কেজৰিৱালক গৃহবন্দী কৰি ৰখা বুলি অভিযোগ উত্থাপন কৰিছিল আম আদমী পাৰ্টীয়ে। কিন্তু দিল্লী পুলিচে এই অভিযোগ নাকচ কৰে।
আৰক্ষীৰ মতে অৰবিন্দ কেজৰিৱালক গৃহবন্দী কৰা নাই। এই সন্দৰ্ভত উত্তৰ দিল্লীৰ ডিচিপিয়ে টুইটাৰ যোগে এক টুইট কৰে। উত্তৰ দিল্লীৰ ডিচিপিৰ টুইটাৰ হেণ্ডেলত প্ৰকাশ পোৱা টুইট অনুসৰি ‘দিল্লীৰ মুখ্য়মন্ত্ৰীক গ্ৰেপ্তাৰ কৰা বাতৰিটো সম্পূৰ্ণ মিছা। আমি তেওঁৰ ঘৰৰ সন্মুখত কোনো ধৰণৰ বেৰিকেড দিয়া নাই। তেওঁৰ ঘৰৰ প্ৰৱেশ দ্বাৰৰ ছবিয়ে সকলো কয়।’
This claim of CM Delhi being put on house arrest is incorrect. He exercises his right to free movement within the law of the land. A picture of the house entrance says it all.@DelhiPolice @LtGovDelhi pic.twitter.com/NCWBB9phDS
— DCP North Delhi (@DcpNorthDelhi) December 8, 2020
আম আদমী পাৰ্টীয়ে কৰা অভিযোগ অনুসৰি গৃহ মন্ত্ৰনালয়ৰ আদেশ মৰ্মে দিল্লীৰ তিনিখন পৌৰসভাৰ তিনিজন মেয়ৰক আৰক্ষীয়ে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ৱাসভৱনৰ সন্মুখত প্ৰতিবাদ কৰিবৰ বাবে বহাই দিয়ে আৰু আৰক্ষীয়ে বাধা দিয়াৰ চল কৰি কেজৰিবালৰ ঘৰৰ সন্মুখত বেৰিকেট দিয়ে যাতে কোনোৱে মুখ্যমন্ত্ৰী গৰাকীক লগ কৰিব নোৱাৰে। লগতে মুখ্যমন্ত্ৰী গৰাকীও বাহিৰত ওলাব নোৱাৰে।
আম আদমী পাৰ্টিৰ প্ৰমুখ তথা দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালক দিল্লী আৰক্ষীয়ে গৃহবন্দী কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে দলটোৰ মুখপাত্ৰ সৌৰভ ভৰদ্বাজে। তেওঁ সংবাদমেলৰ জৰিয়তে অভিযোগ উত্থাপন কৰি কয়, ‘গৃহ মন্ত্ৰ্যালয়ৰ নিৰ্দেশ অনুসৰি, কৃষকসকলক সাক্ষাৎ কৰাৰ পিছৰে পৰা দিল্লী আৰক্ষীয়ে মুখ্য মন্ত্ৰী কেজৰিৱালক গৃহবন্দী কৰি ৰাখিছে। কোনো লোককে তেওঁৰ বাসগৃহলৈ অহা-যোৱা কৰিবলৈ দিয়া হোৱা নাই’।
উল্লেখ্য যে সোমবাৰে দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালে সিন্ধু সীমান্তত উপস্থিত হৈ কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি থকা কৃষকসকলক সাক্ষাৎ কৰি তেওঁৰ সমৰ্থন আগবঢ়ায়।