স্প’ৰ্টছ ডেস্ক – মুম্বাই ইণ্ডিয়ানছৰ হৈ আইপিএল জয় কৰি উভতি অহাৰ পথত বিমানবন্দৰত জেৰাৰ সমূখীন হ’ল ক্ৰুণাল পাণ্ডিয়া। বেগত বিপুল পৰিমাণৰ বেনামী সোণ লৈ অহাৰ বাবেই মুম্বাই বিমানবন্দৰত জেৰাৰ সমূখীন হ’ল ক্ৰুনাল পাণ্ডিয়া।

বেগভর্তি বিপুল পৰিমাণৰ সোণ আৰু বহু মূল্যৱান সামগ্রী লৈ ডুবাইৰ পৰা উভতি অহাৰ পথত মুম্বাই বিমানবন্দৰত ধৰা পৰিল ভাৰতীয় ক্রিকেটাৰ ক্ৰুনাল পাণ্ডিয়া। আইপিএল ২০২০ জিকিছে মুম্বাই ইণ্ডিয়ানছ। ক্ৰুনাল সেই দলৰেই সদস্য। বিমানবন্দৰত পাণ্ডিয়াক জেৰা কৰে ডিৰেক্টৰেট অৱ ৰেভিনিউ ইন্টেলিজেন্সৰ বিষয়াসকলে। সংবাদ প্ৰতিস্থান এএনআইৰ সূত্ৰ অনুসৰি, তেওঁৰ বেগত তালাচী চলাই উদ্ধাৰ কৰা হয় প্ৰচুৰ পৰিমাণৰ সোণ, মূল্যৱান হাতঘড়ী, আৰু অন্যান্য বহু মূল্যৱান সামগ্ৰী। আনকি পাণ্ডিয়াৰ লগত থকা বহু সামগ্ৰীৰ বৈধ নথিও নাছিল সেইসময়ত।

উল্লেখ্য যে ২০১৬ চনৰ ১ এপ্রিলৰ পৰা প্ৰযোজ্য হোৱা নিয়ম অনুযায়ী ভাৰতৰ পৰা ডুবাইগামী কোনো ভাৰতীয় পুৰুষ যাত্রীয়ে ২০ গ্রাম সোণ বহন কৰিব পাৰে। আৰু ডুবাইৰ পৰা ভাৰতলৈ অহা কোনো পুৰুষ যাত্রীয়ে সর্বাধিক ৪০ গ্রাম সোণ আনিব পাৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply