গুৱাহাটী – অস্ত্ৰ ত্যাগ কৰি মূলসুঁতিলৈ ঘূৰি অহা এন ডি এফ বিৰ ১২৭২ গৰাকী সদস্যক অসম চৰকাৰৰ আৰ্থিক সাহাৰ্য্য প্ৰদান। ৪ লাখ টকাৰ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা হয় এন ডি এফ বিৰ সদস্য সকলক। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰে ৪ লাখ টকাৰ চেক সমূহ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰে চেক সমূহ।
মঙলাবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ প্ৰেক্ষাগৃহত ৰাজ্য চৰকাৰৰ গৃহ বিভাগ আৰু অসম আৰক্ষীৰ বিশেষ শাখাৰ উদ্যাগত অনুষ্ঠিত এক অনুষ্ঠানত অস্ত্ৰ ত্যাগ কৰি মূলসুঁতিলৈ ঘূৰি অহা এন ডি এফ বিৰ ১২৭২ গৰাকী সদস্যক আৰ্থিক সাহায্য প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মূলসুঁতিলৈ ঘূৰি অহা এন ডি এফ বিৰ সদস্য সকলক ৪ লাখ টকাৰ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।
অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আত্মসমৰ্পণ কৰি মূলসুঁতিলৈ ঘূৰি অহা এন ডি এফ বিৰ সদস্য সকলক সুন্দৰভাৱে নতুন জীৱন যাপন কৰিবলৈ আহ্বান জনায়। মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে মূলসুঁতি লৈ ঘূৰি অহা এন ডি এফ বিৰ সদস্য সকলৰ ওপৰত থকা গোচৰ সমূহৰ সন্দৰ্ভত আত্মসমৰ্পণকাৰী সদস্য সকলে অতি শীঘ্ৰে ভাল খবৰ লাভ কৰিব। এন ডি এফ বিৰ আত্মসমৰ্পণকাৰী সদস্য সকলক অটল অমৃত আৰু স্বাস্থ্য বীমাৰ অধীনত সামৰি লোৱা হ’ব বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠানত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই এন ডি এফ বিৰ সদস্য সকলক চৰকাৰে প্ৰদান কৰা আৰ্থিক সাহাৰ্য্যৰে নিজকে সংস্থাপন কৰিবলৈ আহ্বান জনায়। মূলসুঁতি লৈ ঘূৰি অহা এন ডি এফ বিৰ সদস্য সকলক অনৈতিক কামৰ পৰা আঁতৰি থাকিবলৈও আহ্বান জনায় আৰক্ষী সঞ্চালক প্ৰধানে।
আত্মসমৰ্পণ কৰি মূলসুঁতি লৈ ঘূৰি অহা এন ডি এফ বিৰ সদস্য সকলৰ নামত ৪ লাখ টকা ফিক্স ডিপজিত কৰি চেক প্ৰদান কৰা হৈছে। অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ লগতে বিটিচি প্ৰধান প্ৰমোদ বড়ো, মুখ্য সচিব জিষ্ণু বৰুৱা, আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাসহ কেইবাগৰাকী উচ্চ পদস্থ বিষয়া উপস্থিত থাকে।