গুৱাহাটী – মূল্যবৃদ্ধিক লৈ পুনৰ সৰৱ কংগ্ৰেছ। মূল্যবৃদ্ধি ৰোধৰ দাবীত গুৱাহাটীৰ ৰাজপথত নামিল কংগ্ৰেছ দল। ৰাজীৱ ভৱনৰ পৰা চাইকেল, ৰিক্সা লৈ কংগ্ৰেছ দলৰ প্ৰতিবাদী সমদল। ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কংগ্ৰেছ দলৰ।
অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে খাদ্য সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক। এফালে চৰকাৰ যদি মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ আনফালে মূল্যবৃদ্ধিক লৈ নিমাত বিৰোধী দল সমূহ। ইয়াৰ মাজতে কংগ্ৰেছ দলে মাজে সময়ে মূল্যবৃদ্ধিক লৈ আক্ৰমণ চলাই আহিছে শাসকীয় বিজেপি দলক।
সোমবাৰে পুনৰ মূল্যবৃদ্ধিক লৈ সৰৱ হোৱা দেখিবলৈ পোৱা গ’ল কংগ্ৰেছ দলক। অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত সোমবাৰে এক প্ৰতিবাদী সমদল উলিয়াই। ৰাজীৱ ভৱনৰ পৰা কংগ্ৰেছ কর্মী সকলে চাইকেল, ৰিক্সা চলাই মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত সমদল উলিয়াই।
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা, কংগ্ৰেছ দলৰ কেইবাগৰাকী নেতা আৰু শতাধিক কৰ্মীয়ে চলাইকে আৰু ৰিক্সা চলাই মূল্যবৃদ্ধি ৰোধ কৰক, বিজেপি চৰকাৰ মূর্দাবাদ আদি শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰী সকলে ৰাজীৱ ভনৱৰ পৰা চাইকেল আৰু ৰিক্সা লৈ উপস্থিত হয় কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত।
মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত কংগ্ৰেছ দলে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যলপাললৈ এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে। প্ৰতিবাদকাৰী সকলে মূল্যবৃদ্ধি নিয়ন্ত্ৰণত বিজেপি চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন কৰে।