হোজাই – দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য প্ৰতিদিনে বৃদ্ধি পাইছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিয়ে অতিষ্ঠ কৰি তুলিছে সর্বসাধানৰ ৰাইজক। মূল্যবৃদ্ধিক লৈ চৰকাৰৰ কোনো গুৰুত্ব নাই যদিও বিৰোধী দল কংগ্ৰেছে মূল্যবৃদ্ধি ৰোধৰ দাবীত অব্যাহত ৰাখিছে প্ৰতিবাদ।

শনিবাৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে হোজাই জিলা কংগ্ৰেছে ৰূপায়ন কৰে এক প্ৰতিবাদী কাৰ্যসূচী। পেট্ৰল-ডিজেল আৰু ৰন্ধন গেছ তথা অনান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে হোজাই জিলা কংগ্ৰেছে।

কংগ্ৰেছ কৰ্মী-সমৰ্থকসকলে হোজাই চহৰখনৰ মাজমজিয়াৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক সমদল উলিয়াব লওঁতে আৰক্ষীয়ে বাধা প্ৰদান কৰাত কংগ্ৰেছ কর্মী সকলে হোজাই চহৰৰ নেতাজী পইন্টত প্ৰতিবাদ সাব্যস্ত কৰে। হোজাই চহৰত কংগ্ৰছৰ প্ৰায় ডেৰ শতাধিক প্ৰতিবাদকাৰীয়ে চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

যুব কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্পাদক অজয় চিকাৰা, প্ৰাক্তন বিধায়ক তথা হোজাই কংগ্ৰেছ জিলাৰ সভাপতি অৰ্ধেন্দু কুমাৰ দে প্ৰাক্তন বিধায়ক স্বপন কৰ, প্ৰাক্তন আৰক্ষী উপ মহাপৰিদৰ্শক তথা কংগ্ৰেছ নেতা কৃষ্ণকান্ত শৰ্মা তথা অনান্য নেতাকৰ্মীসকল উপস্থিত থাকে প্ৰতিবাদী কাৰ্যসূচীত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply