গুৱাহাটী – মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ বিক্ষোভ কাৰ্যসূচী। দীঘলীপুখুৰীৰ পাৰত সদৌ গুৱাহাটী ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে। ৰন্ধন গেছ, পেট্ৰ’ল, ডিজেল আৰু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সদৌ গুৱাহাটী ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰি মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবী জনায়।

ৰন্ধন গেছ, পেট্ৰ’ল, ডিজেল আৰু অন্যান্য অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক। বিশেষকৈ ৰন্ধন গেছ, পেট্ৰ’ল আৰু ডিজেলৰ দাম প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে। ৰন্ধন গেছ, পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত চৰকাৰ সম্পূৰ্ণ বিফল। ৰন্ধন গেছ, পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত ৰাইজ ৰাজপথত।

মূল্যবৃদ্ধি নিয়ন্ত্ৰণত বিফল কেন্দ্ৰ আৰু ৰাজ্যৰ চৰকাৰকখনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ মাজতে শুকুৰবাৰে আছুৰ উদ্যোগত ৰূপায়ন কৰা হয় এক বিক্ষোভ কাৰ্যসূচী। দীঘলীপুখুৰীৰ পাৰত সদৌ গুৱাহাটী ছাত্ৰ সন্থাই মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে। গুৱাহাটী ছাত্ৰ সন্থাৰ শতাধিক সদস্যই ৰন্ধন গেছ, পেট্ৰ’ল, ডিজেল আৰু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ দাবীত দীঘলীপুখুৰীৰ পাৰ উতলা কৰি তোলে।

প্ৰতিবাদকাৰী আছুৰ কর্মী সকলে মূল্যবৃদ্ধি ৰোধ কৰক, ৰন্ধন গেছ, পেট্ৰ’ল আৰু ডিজেলৰ মূল্য নিয়ন্ত্ৰণ কৰক, মোদী চৰকাৰৰ হায় হায়, সৰ্বানন্দ সোণোৱালৰ কাম নাই আদি প্ৰতিবাদী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। কৰ’ণা মহামাৰী আৰু লকডাউনৰ পিছত জুৰুলা হৈ পৰা সৰ্বসাধাৰণৰ ৰাইজৰ ওপৰত মূল্যবৃদ্ধিয়ে ভূতৰ ওপৰত দানহ পৰা দি পৰিছে বুলি মন্তব্য কৰি প্ৰতিবাদকাৰী সকলে অতি শীঘ্ৰে চৰকাৰক মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ দাবী জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply