মানকাচাৰ – ৰন্ধন গেছ, পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে অব্যাহত আছে কংগ্ৰেছ দলৰ প্ৰতিবাদ। সোমবাৰেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছ দলে ৰন্ধন গেছ, পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। মানকাচৰত গেছৰ চিলিণ্ডাৰলৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মী সকলে।

পৰিৱৰ্তনৰ আশ্বাস দি শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰখনে কিন্তু পৰিৱৰ্তন কৰিব নোৱাৰিল কংগ্ৰেছ দিনৰে পৰা চলাই অহা মূল্যবৃদ্ধিৰ। মূল্যবৃদ্ধি ৰোধ কৰাৰ কথা কোৱা বিজেপি চৰকাৰখনৰ দিনত কংগ্ৰেছৰ দিনতকৈও অধিক মূল্যবৃদ্ধি হোৱা দেখিবলৈ পোৱা গ’ল। মূল্যবৃদ্ধি নিয়ন্ত্ৰণত চৰকাৰখন সম্পূৰ্ণ ব্যৰ্থ।

বিজেপি চৰকাৰখনে মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ হোৱাটো বিজেপিক আক্ৰমণৰ এক সুন্দৰ সুযোগ কংগ্ৰেছৰ। কংগ্ৰেছেও এই সুযোগৰ উপযুক্ত ব্যৱহাৰ কৰিবলৈ উঠি পৰি লাগিছে। মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে কংগ্ৰেছ দল।

ৰন্ধন গেছ, পেট্ৰ’ল আৰু ডিজেলৰ অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিৰ বিৰুদ্ধে দেওবাৰৰ পৰা কংগ্ৰেছ দলে আৰম্ভ কৰিছে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী। দেওবাৰে ৰাজ্যৰ প্রান্তে প্রান্তে কংগ্ৰেছ নেতা কর্মী সকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত সোমবাৰেও কংগ্ৰেছ কর্মী সকলে প্ৰতিবাদ সাব্যস্ত কৰে ৰন্ধন গেছ, পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে।

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ আৰু ফেকামাৰী ব্লক কংগ্ৰেছৰ উদ্যোগত ৰন্ধন গেছ, পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয়। প্ৰতিবাদকাৰী সকলে গেছৰ চিলিণ্ডাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদৰ আকাশ বতাহ উত্তাল কৰি তোলে। কংগ্ৰেছ দলৰ এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে মানকাচৰৰ বিধায়ক ডাক্তৰ মতিউৰ ৰহমান মণ্ডল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply