মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজপথ উত্তাল কৰিলে কংগ্ৰেছ দলে

গুৱাহাটী – মূল্যবৃদ্ধিকলৈ সৰৱ কংগ্ৰেছ দল। মূল্যবৃদ্ধি ৰোধৰ দাবীত বিভিন্ন সময়ত কংগ্ৰেছ দলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি থকাৰ মাজত শুকুৰবাৰে পুনৰ ৰাজপথ উত্তাল কৰিলে কংগ্ৰেছ দলে। মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি চাইলেক ৰেলী উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ দলে।

গুৱাহাটী মহানগৰীত শতাধিক কংগ্ৰেছ কৰ্মীয়ে পেট্ৰল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সমগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত ৰাজীৱ ভৱনৰ পৰা এক চাইলেক আৰু ৰিক্সা ৰেলী উলিয়াই। কংগ্ৰেছ কৰ্মী সকলে মূল্যবৃদ্ধি ৰোধ কৰক, বিজেপি হায় হায় আদি শ্ল’গানেৰে গুৱাহাটীৰ ৰাজপথ উত্তাল কৰি তোলে।

গুৱাহাটীৰ সমান্তৰালে নগাঁও জিলাৰ চামগুৰিত মূল্যবৃদ্ধি ৰোধৰ দাবীত চাইলেক ৰেলী উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ দলে। চামগুৰিৰ বাজিয়াগাঁও ব্লক কংগ্ৰেছৰ উদ্যাগত বাজিয়াগাঁও ব্লক কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা বাজিয়াগাঁও উন্নয়ন খণ্ডলৈকে প্ৰতিবাদী চাইকেল ৰেলী উলিয়াই কংগ্ৰেছ কৰ্মী সকলে বিজেপি মূর্দাবাদ, বিজেপি গ’ বেক ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে।

হোজাইত যোগীজান ব্লক কংগ্ৰেছৰ উদ্যাগত উলিওৱা হয় প্ৰতিবাদী চাইকেল ৰেলী। ৰেলীত শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰি দেশখন বিক্ৰী কৰি খোৱা নৰেন্দ্ৰ মোদী হায় হায়, পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰক আদি শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply