মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি কংগ্ৰেছৰ প্ৰতিবাদ

গুৱাহাটী – মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি কংগ্ৰেছৰ প্ৰতিবাদ। মহানগৰী গুৱাহাটীৰ লগতে নগাঁও আৰু যোৰহাটত পেট্ৰল ডিপোৰ কাষত কংগ্ৰেছ কৰ্মীৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী। গুৱাহাটীৰ চিৰিয়াখানা পথৰ পেট্ৰল ডিপোৰ কাষত জু ৰোড ব্লক কংগ্ৰেছৰ উদ্যোগত অৱস্থান ধৰ্মঘট। নগাঁও জিলাৰ চামগুৰি, ৰঙাগড়া, আমনি আৰু মিছাত পেট্ৰ’ল ডিপোৰ কাষত শতাধিক কংগ্ৰেছ নেতা-কৰ্মীয়ে ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী।

নগাঁও

অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক। মূল্যবৃদ্ধি ৰোধ কৰাৰ আশ্বাস প্ৰদান কৰি শাসনলৈ অহা বিজেপি চৰকাৰখন মূল্যবৃদ্ধি নিয়ন্ত্ৰণত সম্পূৰ্ণ ব্যৰ্থ। মূল্যবৃদ্ধি ৰোধৰ দাবীত প্ৰতিদিনে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আছে যদিও মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত গুৰুত্ব নাই চৰকাৰখনৰ। শুকুৰবাৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত শনিবাৰে কংগ্ৰেছৰ কৰ্মী সকলে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে।

কামপুৰ

পেট্ৰল, ডিজেলৰ লগতে ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত গুৱাহাটী মহানগৰীৰ চিৰিয়াখানা পথৰ পেট্ৰল ডিপোত জু ৰোড ব্লক কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে। কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাৰ নেতৃত্বত জু ৰোড ব্লক কংগ্ৰেছৰ কৰ্মী সকলে অতি শীঘ্ৰে পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ দাবী জনায়। নগাঁৱৰ চামগুৰিতো পেট্ৰ’ল, ডিজেল আৰু ৰন্ধন গেছকে ধৰি অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে বাজিয়াগাঁও আৰু লাওঁখোৱা ব্ল’ক কংগ্ৰেছে।

বিশ্বনাথ

বাজিয়াগাঁও আৰু লাওঁখোৱা ব্ল’ক কংগ্ৰেছে পৃথকে-পৃথকে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। চামগুৰি, ৰঙাগড়া, আমনি আৰু মিছাত পেট্ৰ’ল ডিপোৰ কাষত শতাধিক কংগ্ৰেছ নেতা-কৰ্মী সকলে ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছ দলৰ কেইবাগৰাকী স্থানীয় তৃণমূল পৰ্যায়ৰ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰি অতি শীঘ্ৰে পেট্ৰ’ল, ডিজেল আৰু ৰন্ধন গেছৰ মূল্য হ্ৰাস কৰাৰ দাবী জনায়।

যোৰহাট

ইফালে প্ৰতিবাদ সাব্যস্ত কৰা কংগ্ৰেছ দলৰ এগৰাকী কৰ্মীয়ে প্ৰতিবাদস্থলীৰ পৰাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ চলায়। পেট্ৰ’ল, ডিজেইলৰ মূল্যবৃদ্ধিৰ বাবেই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাইক অথবা কাৰ ৰেলীৰ পৰিৱৰ্তে চাইকেল ৰেলী কৰিবলৈ বাধ্য হৈছে বুলি কটাক্ষ কৰিলে চামগুৰিৰ এগৰাকী স্থানীয় কংগ্ৰেছী নেত্ৰীয়ে। যোৰহাটত মূল্যবৃদ্ধি হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি দি তথা পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত মূল্যবৃদ্ধিৰ অচিলা লৈ শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰখনে তেওঁলোকৰ কাৰ্যকালত পূৰ্বৰ চৰকাৰৰ কাৰ্য কালতকৈও অধিক মূল্যবৃদ্ধি কৰিছে বুলি মন্তব্য প্ৰদান কৰে এগৰাকী কংগ্ৰেছ কৰ্মীয়ে। মূল্যবৃদ্ধি নিয়ন্ত্ৰণত সম্পূৰ্ণ ব্যৰ্থ হোৱা বিজেপি চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সকলো দল সংগঠন বুলিও প্ৰতিবাদ সাব্যস্ত কৰিবলৈ অহা কংগ্ৰেছ কর্মী গৰাকীয়ে মন্তব্য কৰে।

বাজিয়াগাঁও

বিশ্বনাথত বিশ্বনাথ জিলা কংগ্ৰেছে বিশ্বনাথ নগৰত থকা পেট্ৰল ডিপোৰ সমূহত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লেকাৰ্ড লৈ মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা অকমণ্য বিজেপি চৰকাৰ হায় হায়, পেট্ৰল, ডিজেলৰ মূল্য হ্ৰাস কৰক, জনবিৰোধী বিজেপি চৰকাৰ নিপাত যাওক আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। মাজুলীত মাজুলী জিলা কংগ্ৰেছৰ শতাধিক কৰ্মীয়ে গৰামূড় তিনিআলিত অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

পেট্ৰল ডিজেল আৰু ৰন্ধন গেছৰ মুল্যবৃদ্ধিৰ প্ৰতিবাদত কামপুৰ আৰু কঠীয়াতলীত কংগ্ৰেছৰ ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট। কামপুৰ পেট্ৰল পাম্পত কঠীয়াতলী ব্লক কংগ্ৰেছ কমিটিৰ অৱস্থান ধৰ্মঘট। চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল হৈ পৰিল প্ৰতিবাদস্থলী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply