গোলাঘাট: গোলাঘাট জিলাৰ খুমটাই বিধানসভা সমষ্টিৰ অন্তগৰ্ত গণকপুখুৰীত অসম জাতীয় পৰিষদৰ বিশাল জাতীয় জাগৰণ সমাৰোহ অনুষ্ঠিত হয় ।সভাপতি লুৰীণজ্যোতি গগৈৰ উপস্থিতিত অনুষ্ঠিত বিশাল জনসভাক লৈ শাসকীয় বিজেপি দলৰ সদস্যসকলক শংকিত হৈ পৰা দেখিবলৈ পোৱা গ’ল | এসময়ৰ অগপৰ দূৰ্গস্বৰূপ সমষ্টিটোত এতিয়া বিজেপিয়ে বিধায়ক মৃণাল শইকীয়াক লৈ ভেটি শক্তিশালী কৰাত ব্যস্ত । অগপৰ বহু অসন্তোষ্ট নেতা কৰ্মী এতিয়া লগ লাগিছে অসম জাতীয় পৰিষদৰ সৈতে । অগপৰ সকলোবোৰ আঞ্চলিক সমিতিয়ে কিছুদিনৰ আগতে দলৰ পৰা আতৰি এতিয়া অজাপত যোগদান কৰিছে ।
শাসকীয় দলটোৰ বিধায়ক গৰাকীয়ে যোৱা সময়চোৱাত অগপ কৰ্মীসকলক কৰি অহাৰ বাবেই দলটোৰ অধিকাংশই ক্ষোভ প্ৰকাশ কৰিছে । অগপৰ কেন্দ্ৰীয় নেতৃত্বই বিজেপিৰ বিধায়ক গৰাকীৰ এই কাৰ্য দেখি শুনিও মৌন হৈ থকাত মুকলি ভাবে ক্ষোভ প্ৰকাশ কৰি দল ত্যাগ কৰিছে | অগপ দলৰ শক্তিশালী ভেটিৰ সহায়তে যোৱা নিৰ্বাচনত জয়ী হোৱা মৃণাল শইকীয়াৰ কাৰ্যক লৈ মিত্ৰদল অগপ কৰ্মীসকল ক্ষোভিত । ইয়াৰে সুযোগ লৈ এই কৰ্মীসকলে টঙালী বান্ধিছে অসম জাতীয় পৰিষদৰ সৈতে ।
কেইবাসহস্ৰাধিক জনতাৰ উপস্থিতিত খুমটাই সমষ্টিত প্ৰথমবাৰ নিৰ্বাচনী ৰণডংকা বজালে অসম জাতীয় পৰিষদে। সভাত ভাষণ প্ৰসংগত ২০২১ ৰ নিৰ্বাচনত BPF ৰ সৈতে অসম জাতীয় পৰিষদৰ মিত্ৰতাৰ ইংগিত দিলে সভাপতি লুৰীণজ্যোতি গগৈয়ে।বাৰম্বাৰ ভিত্তিহীন মন্তব্যৰে দম্ভালি মাৰি ফুৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদি নিৰ্বাচনকেন্দ্ৰিক ৰাজনীতিৰ বাবে অজাপ নেতাক কেন্দ্ৰ কৰি তাছিল্য কৰিবলৈ নেৰে তেন্তে তেখেতৰ টাডা গোছৰৰ পৰা আদি কৰি সকলোবোৰ পুৰণি কলা অধ্যায়ৰ কথা অসমৰ ৰাইজৰ আগত মুকলি কৰি দিয়াৰ সকীয়নি প্ৰদান কৰে লুৰীণজ্যোতি গগৈয়ে।

উক্ত সভাত খুমটাই সমষ্টিৰ বিজেপিৰ জ্যেষ্ঠ নেতা প্ৰণৱ গগৈৰ নেতৃত্বত বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই আজি জাতীয় পৰিষদত যোগদান কৰে।নিৰ্বাচনৰ পূৰ্বে অগপৰ ভেঁটিস্বৰূপ খুমটাইত জাতীয় পৰিষদৰ শক্তি প্ৰদৰ্শনত শংকিত হৈ সভাস্থলীৰ সমীপত কেইজনমান বিজেপি কৰ্মীয়ে বিজেপি পতাকা প্ৰদৰ্শন কৰি বিভিন্ন শ্লোগান দিয়া কায্যক হতাশাগ্ৰস্ততাৰ প্ৰতিফলন বুলি মন্তব্য কৰে লুৰীণজোতি গগৈয়ে । পূৰ্বৰ অগপৰ জিলা সম্পাদক আৰু বৰ্তমান অজাপৰ নেতা পবন শইকীয়াই ৰাজহুৱা সভাত অংশ লোৱা সকলোকে ধন্যবাদ জ্ঞাপন কৰি আগন্তুক নিৰ্বাচনত দলটোক শক্তিশালী কৰি খুমটাই সমষ্টিৰ পৰা দলীয় প্ৰাৰ্থিৰ জয় নিশ্চিত কৰিবলৈ আহ্বান জনাই ।