নিউজ ডেস্ক– উত্তৰ প্ৰদেশৰ মুৰাদনগৰত ঘটে কৰুণ ঘটনা। শ্মশানঘাটৰ মুধচ খহি মৃত্য়ু মুখত পৰে ২৫জন লোক। আহত হয় বহুকেইজনলোক । আহত সকলক স্থানীয় চিকিৎসা ভৰ্তি কৰা হৈছে। দেওবাৰে পুৱা ১০বাজি ৩০ মিনিটত ঘটে এই ঘটনা।
শ্মশানখনত মৃতকৰ অন্ত্যেষ্টিক্ৰিয়াত ১০০ৰো অধিক লোকৰ সমাগম হৈছিল। দেওবাৰে পুৱাৰে পৰা ধাৰাসাৰ বৰষুণ পৰি আছিল। প্ৰবল বৰষুণ দিয়াৰ বাবে সমবেত লোকসকল এখন মূধচৰ তলত গোট খাইছিল। তেতিয়াই প্ৰৱল বৃষ্টিপাত সহিব নোৱাৰি মূধচখন খহি পৰে।
নগৰ নিগমে মাথোঁ কেইমাহমানৰ আগতে এই মুধচখন নিৰ্মাণ কৰি দিছিল। নিৰ্মাণ কাৰ্যত নিম্নমানৰ সামগ্ৰী ব্য়ৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।
গাজিয়াবাদৰ সাংসদ ভিকে সিঙে কয়,’ ঘটনা সন্দৰ্ভত উচিত তদন্ত কৰা হ’ব আৰু দোষীক উপযুক্ত শাস্তি প্ৰদান কৰা হ’ব’। ইতিমধ্য়ে ৩০৪, ৩৩৭, ৩৩৮, ৪২৭ আৰু ৪০৯ ধাৰাত কেইবাজনো লোকৰ বিৰুদ্ধে আৰক্ষীয়ে মুৰাদনগৰ আৰক্ষীচকীত গোচৰ পঞ্জীয়ন কৰিছে।