মেৰাপানী: মেৰাপানী সীমান্তত সন্দেহযুক্ত NSCN ৰ সন্ত্ৰাস। দেওবাৰে নিশা হাতে হাতে উদ্যত মাৰণাস্ত্ৰ লৈ মেৰাপানীৰ ১ নং ওপৰ তৰাণিত ভয় ভাবুকিৰে তাণ্ডৱ চলাই এটা নগা উগ্ৰপন্থীৰ দলে। নিজকে নগা উগ্ৰপন্থী সংগঠন এন এচ চি এনৰ সদস্য বুলি চিনাকী দি অস্ত্ৰধাৰী যুৱকৰ দলটোৱে নগা পাহাৰৰ পৰা আহি প্ৰৱেশ কৰে গাঁওখনৰ চন্দ্ৰ শইকীয়া নামৰ লোকজনৰ ঘৰত।
নগা যুৱকৰ দলটোৱে ব্যক্তিজনৰ ঘৰত অতৰ্কিতে প্ৰৱেশ কৰি ঘৰৰ পোহনীয়া হাঁহ কুকুৰা বিচৰাৰ লগতে দাবী কৰে নগদ ধন। নগা উগ্ৰপন্থীৰ দলটোৱে শইকীয়াৰ ঘৰৰ পৰা পোহনীয়া কুকুৰা লৈ যোৱাৰ লগতে পুৱতি নিশা পুনৰ প্ৰৱেশ কৰি ঘৰৰ গোহালীত বান্ধি থোৱা ছাগলী নিয়াৰো চেষ্টা চলায়।
উল্লেখ্য যে, বন্দুকধাৰী নগা যুৱকৰ দলটোৱে চন্দ্ৰ শইকীয়াৰ উপৰিও গাঁওখনৰ আন কেইবাজনো লোকৰ বাসগৃহত প্ৰৱেশ কৰি লুটপাতৰ চেষ্টা চলায়। ঘটনাৰ সন্দৰ্ভত সোমবাৰে সীমান্তত নিয়োজিত চি আৰ পি এফ বাহিনী ঘটনাস্থলীত উপস্থিত হৈ অভিযান অব্যাহত ৰাখিছে।