মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বৈঠক

গুৱাহাটী– শুকুৰবাৰে জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত গৃহ তথা সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এক বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে মৈত্রী আঁচনিৰ আৰ্হিৰে ৰাজ্যৰ সীমান্ত আৰক্ষী চকী (বি অ’ পি)সমূহৰ সর্বাংগীণ আন্তঃগাঁথনি উন্নয়নৰ বাবে এক বিশেষ অভিযান হাতত লােৱাৰ কথা ঘােষণা কৰে।

এই আঁচনিৰ অধীনত সীমান্ত আৰক্ষী চকীৰ ভৱনসমূহ অত্যাধুনিক ৰূপত নতুনকৈ নির্মাণ অথবা উন্নীতকৰণ কৰাৰ লগতে সংলগ্ন বেৰে নিৰ্মাণৰাে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে প্রায় ১০০ কোটি টকা ব্যয়ৰে প্রথম পর্যায়ত এই অভিযানৰ অধীনত ৫০ খনকৈ সীমান্ত আৰক্ষী চকীক সামৰি পৰবৰ্তী পৰ্যায়ত ইয়াক অধিক সম্প্রসাৰিত কৰা কথাও তেওঁ উল্লেখ কৰে।

ৰাজ্যখনৰ আন্তঃৰাজ্যিক সীমান্তৰ আওঁহতীয়া স্থানসমূহত থকা সীমান্ত আৰক্ষী চকীসমূহত কৰ্মৰত আৰক্ষী জোৱানসকলে যথেষ্ট প্রতিকুলতাৰ মাজেৰে কর্তব্য পালন কৰিবলগীয়া হােৱাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলােকৰ সুবিধা-অসুবিধাৰ বুজ লােৱাৰ লগতে প্রয়ােজনীয় প্রাথমিক সা-সুবিধাখিনি প্ৰদানৰ দিশত মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰােপ কৰে। সীমান্ত অঞ্চলত বসবাস কৰা লােকসকলৰ সুৰক্ষা আৰু উন্নয়ন স্বাৰ্থত তথা সীমান্তৰ তদাৰকী ব্যবস্থা সুচলতৰ কৰাৰ বাবে এই অঞ্চলসমূহত উন্নত বাট-পথ, দলং আদিৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি উল্লেখ কৰি এইক্ষেত্ৰত প্ৰয়ােজনীয় আঁচনি যুগুত কৰিবলৈও তেওঁ বিভাগটোক নির্দেশ দিয়ে।

বিভাগটোৰ প্ৰস্তাৱ অনুসৰি তহলদাৰী আৰক্ষী জোৱানসকলৰ আহ-যাহৰ সুবিধাৰ বাবে ৰাজ্যৰ ১০০ খন সীমান্ত আৰক্ষী চকীলৈ ৪ খনকৈ মটৰচাইকেল আৰু ৮ খনকৈ চাইকেল যােগান ধৰাৰ লগতে ইন্ধনৰ বাবেও যাবতীয় পুঁজি প্রদান কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

বৈঠকত সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ বিষয়ববীয়াসকলে ৰাজ্যখনৰ আন্তঃৰাজ্যিক সীমান্তৰ শেহতীয়া পৰিস্থিতিৰ সবিশেষ মুখ্যমন্ত্ৰীক অৱগত কৰে। মুখ্যমন্ত্রী সােণােৱালে ৰাজ্যৰ ভাৰত-বাংলা আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সাম্প্রতিক পৰিস্থিতি, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ শেহতীয়া স্থিতি আদি বিষয় সন্দৰ্ভতাে গৃহ বিভাগৰ বিষয়াসকলৰ সৈতে গুৰুত্বপূর্ণ আলােচনাত মিলিত হয়।

বৈঠকত উপস্থিত থাকে মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গােস্বামী, মুখ্য সচিব জিষ্ণু বৰুৱা, মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰ, অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান মুকেশ আগৰৱালা, গৃহ বিভাগৰ আয়ুক্ত সচিব জি ডি ত্রিপাঠী, সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ সচিব প্রভাতী থাওচেনকে ধৰি সংশ্লিষ্ট বিভাগসমূহ অন্যান্য শীর্ষ বিষয়াসকল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply