২০২২ চনৰ ডিচেম্বৰৰ ভিতৰত প্ৰকল্পৰ কাম শেষ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে

নিউজ ডেস্ক- প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত কেন্দ্ৰীয় মন্ত্ৰীসভাই উত্তৰ-পূৰ্বাঞ্চলৰ বাবে সুসংহত টেলি-যোগাযোগ উন্নয়ন পৰিকল্পনাৰ অধীনত অৰুণাচল প্ৰদেশ আৰু অসমৰ দুখন জিলাত মোবাইল সেৱা প্ৰদানৰ বাবে ইউনিভাৰ্ছেল ছাৰ্ভিছ অব্লিগেশ্যন ফাণ্ড স্কীমলৈ অনুমোদন জনাইছে। অৰুণাচল প্ৰদেশৰ সমান্তৰালকৈ, অসমৰ কাৰ্বি আঙলঙ আৰু ডিমা হাছাও জিলাত এই সেৱা প্ৰদানৰ প্ৰস্তাৱ দিয়া হৈছে।

ইউনিভাৰ্ছেল ছাৰ্ভিছ অব্লিগেশ্যন ফাণ্ড কাৰ্যসূচীৰ অধীনত অৰুণাচল প্ৰদেশৰ ১ হাজাৰ ৬৮৩ টা আৰু অসমৰ সংশ্লিষ্ট দুখন জিলাৰ ৬৯১ টা মোবাইল সেৱাহীন গাওঁলৈ এই সুবিধা প্ৰেৰণ কৰা হ’ব। প্ৰকল্প ৰূপায়ণত প্ৰথম ৫ বছৰত খৰচ ধৰা হৈছে ২ হাজাৰ ২৯ কোটি টকা।

ইউনিভাৰ্ছেল ছাৰ্ভিছ অব্লিগেশ্যন ফাণ্ডৰ অধীনত প্ৰকল্পৰ পুঁজি সংস্থান কৰা হ’ব। ২০২২ চনৰ ডিচেম্বৰৰ ভিতৰত প্ৰকল্পৰ কাম শেষ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে।

কাৰ্যসূচীৰ অধীনত মোবাইল সেৱাবিহীন গাওঁবোৰত ৪জি মোবাইল সেৱা আৰম্ভ কৰা হ’ব। এই সেৱা প্ৰদানৰ বাবে ইউনিভাৰ্ছেল ছাৰ্ভিছ অব্লিগেশ্যন ফাণ্ডৰ বৰ্তমান নীতি-নিৰ্দেশনা অনুযায়ী প্ৰতিযোগিতামূলক পত্ৰ আহ্বান কৰা হ’ব।

অৰুণাচল প্ৰদেশৰ প্ৰত্যন্ত আৰু দুৰ্গম সেৱাবিহীন গাওঁবোৰত তথা অসমৰ এই দুই জিলাত মোবাইল সেৱা প্ৰদানৰ ফলত ডিজিটেল যোগাযোগ ব্যৱস্থাৰ উন্নতি হ’ব। ইয়াৰ উপৰিও, ই-শিক্ষা, তথ্য আৰু জ্ঞানৰ আদান-প্ৰদান, দক্ষতা উন্নয়ন, বিপৰ্যয় ব্যৱস্থাপনা, ই-প্ৰশাসনিক উদ্যোগ, ই-বাণিজ্যিক সুযোগ-সুবিধাৰ দৰে একাধিক ক্ষেত্ৰত ডিজিটেল সেৱা আৰু অধিক প্ৰসাৰিত হ’ব।

মোবাইল সেৱা আৰম্ভ হ’লে প্ৰত্যন্ত তথা দুৰ্গম এই এলেকাবোৰৰ শিক্ষা প্ৰতিষ্ঠানবোৰত ডিজিটেল পদ্ধতিৰ ব্যৱহাৰৰ মাধ্যমেৰে জ্ঞানৰ আদান-প্ৰদান বৃদ্ধি পাব। তাৰ লগতে, কৰ্মসংস্থাপনৰো সুযোগ সৃষ্টি হ’ব। আত্মনিৰ্ভাৰ ভাৰত নিৰ্মাণৰ উদ্দেশ্য পূৰণৰ বাবে আৰু ডিজিটেল ইণ্ডিয়া কাৰ্যসূচীৰ প্ৰসাৰত এই উদ্যোগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply