গোলাঘাট- মহাজোঁট বন্ধনৰ বাবে অসমত বিজেপি চৰকাৰ ২০২১ চনত অহাটো তিনিশ গুণ নিশ্চিত হ’ল। কংগ্ৰেছে এই বন্ধনৰ যোগেদি মৌলবাদীৰ ভোট আদায়ৰ পৰিকল্পনা কৰিছে।কংগ্ৰেছে মৌলবাদী শক্তিসমূহক উচতনি দিবলৈ মহাজোঁটৰ সতীৰ্থসকলক লগাই দিছে শুকুৰবাৰে গোলাঘাটত এই মন্তব্য কৰিলে হিমন্ত বিশ্ব শৰ্মাই। মৌলবাদীৰ ভোট আদায়ৰ বাবে কংগ্ৰেছে AIUDF ৰে মিত্ৰতা কৰিছে।কংগ্ৰেছে নিজে একো নোকোৱাকৈ আজমলৰ বক্তব্যৰ যোগেদি এচাম বিশেষ শ্ৰেণীৰ লোকৰ ভোট লাভ কৰিবৰ বাবে মহাজোঁট কৰিছে।

গোলাঘাটত স্বয়ম আঁচনিৰ আনুষ্ঠানিক শুভাৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।স্বয়ম আঁচনিৰ শুভাৰম্ভ অনুষ্ঠানত ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰা,বিধায়ক মৃণাল শইকীয়া, ভৱেন ভঁৰালী, প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক অজন্তা নেওগ আদিয়ে অংশ লয়।জিলাখনৰ মুঠ ৪১১৯ গৰাকী হিতাধিকাৰী প্ৰথম পৰ্যায়ত এই আঁচনিৰ অন্তৰ্ভূক্ত হৈছে।