নিউজ ডেস্ক: ম্যানমাৰত গণতন্ত্ৰ পুনৰ সংকটত | দেশখন এবছৰৰ বাবে সেনাৰ নিয়ন্ত্ৰণলৈ গৈছে | আটক কৰিছে শাসকীয় দলৰ শীৰ্ষনেতাক | যোৱা সময়চোৱাত ম্যানমাৰত সেনা আৰু শাসকীয় দলৰ মাজত চলি থকা সংঘাতে ল’লে ভয়ংকৰ পৰিণতি।
সেনাই শেহতীয়াকৈ আটক কৰিছে ম্যানমাৰৰ শীৰ্ষ নেত্ৰী আং চান চ্যু কী আৰু শাসনাধীস্থ দলৰ কেইবাগৰাকীও শীৰ্ষ নেতাক। এবছৰৰ বাবে ম্যানমাৰত জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ লগতে এবছৰৰ বাবে সেনাৰ নিয়ন্ত্ৰণলৈ ম্যানমাৰ।
ইতিমধ্যে ম্যানমাৰ সেনা আৰু নাগৰিকৰ মাজত বহুদিনৰে পৰা মতভেদ চলি আছিল।কেৱল আং চান চ্যু কীয়ে নহয় ৰাষ্ট্ৰপতি ৱিন মিন্টকো সোমবাৰে আৰক্ষীৰ জিম্মাত লোৱাৰ তথ্য লাভ কৰা গৈছে।
উল্লেখ্য যে ২০১১চনলৈকে সৈনিক শাসনৰ অধীনত আছিল ম্যানমাৰ | সেইসময়ত গৃহবন্দী হিচাপে ৰখা হৈছিল নেত্ৰী আং চান চ্যু কীক।
২০১৫ চনৰ ৮ নবেম্বৰত অনুষ্ঠিত নিৰ্বাচনত শাসনলৈ আহিছিল আং চান চ্যু কী। দেশৰ জনতাই সেনাৰ শাসনৰ বিৰোধীতা কৰি নিৰ্বাচন অনুষ্ঠিত কৰিবৰ বাবে দেশজোৰা প্ৰতিবাদৰ পিছত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ বাধ্য হৈছিল |
শেহতীয়াকৈ সেনাই দেশখনৰ শাসন পুনৰ নিজৰ হাতলৈ নিয়াক লৈ দেশখনত সেনা আৰু জনতাৰ মাজত পুনৰ সংঘাত হোৱাৰ সম্ভাবনা ব্যক্ত কৰিছে বিশেষজ্ঞই |