গুৱাহাটী– এইবাৰ আপোনাৰ কাহিনী আৰু চিত্ৰনাট্যৰ আধাৰত নিৰ্মাণ হ’ব যতীন বৰাৰ জে বি প্ৰডাকচনে নিৰ্মাণ কৰিব নতুন চিনেমা। ইয়াৰ বাবে অসমভিত্তিত আয়োজন কৰা হৈছে চিনেমাৰ স্ক্ৰীপ্ট লিখাৰ এক প্ৰতিযোগিতা। Imagix Creative Studio আৰু J B Productionৰ উদ্যোগত আয়োজন কৰা হৈছে এই প্ৰতিযোগিতা।
যোৰহাটত বৃহস্পতিবাৰে এই প্ৰতিযোগিতাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে যতীন বৰাই। আগ্ৰহী লোকসকলে তেওঁলোকৰ স্ক্ৰীপ্টসমূহ www.imagixcreativestudio.com/submission ৱেবছাইটৰ জৰিয়তে জমা দিব পাৰিব।
অহা ৩০ এপ্ৰিলৰ ভিতৰত আগ্ৰহী লোকসকলে তেওঁলোকৰ মৌলিক স্ক্ৰীপ্টসমূহ ৱেবছাইটত আপলোড কৰিব লাগিব। ইয়াৰ পৰা তিনিখন স্ক্ৰীপ্ট বিচাৰকে বাচি উলিয়াব আৰু পৰৱৰ্তী সময়ত সেই কাহিনী আৰু চিত্ৰনাট্যৰ ওপৰত নিৰ্মাণ কৰা হ’ব চিনেমা।
এই প্ৰতিযোগিতাৰ পৰা নিৰ্বাচিত প্ৰথম তিনিখন স্ক্ৰীপ্টৰ পৰা পৰৱৰ্তী সময়ত চিনেমা অথবা শ্বৰ্টফিল্ম নিৰ্মাণ কৰা হ’ব বুলি অভিনেতা গৰাকীয়ে ঘোষণা কৰে।