হোজাই – যান-বাহন আইন ভংগ কৰা সকলৰ বিৰুদ্ধে হোজাই জিলা পৰিবহন বিভাগৰ অভিযান৷ চালনা কাটি জৰিমনা ভৰি নহয়, যান বাহন আইন ভংগকাৰী সকলৰ হাতত পৰিবহন বিভাগে তুলি দিলে ফুল।
হেলমেট পৰিধান নকৰা, চালকৰ অনুজ্ঞাপত্ৰ নথকা বাইক আৰোহীসকলৰ হাতত ফুল তুলি দিলে হোজাই পৰিবহন বিভাগে৷ বুধবাৰে ডবকা চহৰত হোজাই পৰিবহন বিভাগৰ এনফৰ্চমেন্ট বিষয়া মখলিচুৰ ৰহমানে ডবকা আৰক্ষীক লগত লৈ যান-বাহন আইন ভংগকাৰী সকলৰ বিৰুদ্ধে চলায় এই বিশেষ অভিযান।
অভিযানকালত যান-বাহন আইন ভংগ কৰা বাইক আৰোহী আৰু অন্যান্য বাহন চালক সকলৰ হাতত একোটাকৈ ফুল তুলি দি আগন্তক দিনত যান-বাহন আইন মানি চলিবলৈ পৰামৰ্শ প্ৰদান কৰে পৰিবহন বিভাগে। জিলাখনৰ সকলো প্ৰান্ততে এই বিশেষ কাৰ্যসূচী ৰূপায়ন কৰা হৈছে বুলি জানিবলৈ দিয়ে হোজাই পৰিবহন বিভাগে৷
উল্লেখ্য যে বুধবাৰৰ পৰা আৰম্ভ হৈছে ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ। সমগ্ৰ দেশৰ লগতে অসমতো পালন কৰা হৈছে ৩২ তম ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ। হোজাই জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় আৰু জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত পথ সুৰক্ষা সপ্তাহৰ প্ৰথম নিদটোৰ কাৰ্যসূচীত এই বিশেষ কাৰ্যসূচী ৰূপায়ন কৰা হয়।