যিকোনো মূহুৰ্তত বিদ্যালয়ৰ চাদ ভাঙি বিপদৰ সন্মুখীন হ'ব পাৰে ছাত্ৰ-ছাত্ৰী

ধুবুৰী – ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ নগ্ন স্বৰূপ উদঙাইছে ধুবুৰীৰ এখন বিদ্যালয়ে। জহি-খহি গৈছে বিদ্যালয়খনৰ চাদ আৰু দেৱাল। যিকোনো মূহুৰ্তত বিদ্যালয়ৰ চাদ ভাঙি বিপদৰ সন্মুখীন হ’ব পাৰে ছাত্ৰ-ছাত্ৰী। ফলত বন্ধ কৰি দিয়া হৈছে বিদ্যালয়খন। সঁহাৰি নাই বিভাগীয় কৰ্তৃপক্ষ আৰু চৰকাৰৰ।

ৰাজ্যৰ শিক্ষা বিভাগত যথেষ্ট উন্নয়ন আৰু পৰিৱৰ্তন হোৱা বুলি বিভাগীয় মন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়ত দম্ভালি মাৰি আহিছে যদিও শিক্ষা বিভাগৰ নগ্ন স্বৰূপ উদঙাইছে ধুবুৰীৰ এখন বিদ্যালয়ে। উল্লেখ্য যে, ধুবুৰী চহৰৰ মাজ মজিয়াৰ ৫ নং ওৱাৰ্ড নুনীয়াপট্টিত অৱস্থিত গৌৰীপুৰ শিক্ষা খণ্ডৰ অধীনত ১৯৬৯ চনত স্থাপিত হোৱা দেৱ নাগৰী হিন্দী এম ই বিদ্যালয়। বিদ্যালয়খন আজি কেইবা বছৰ ধৰি মেৰামতি নকৰাৰ ফলত জহি-খহি গৈছে বিদ্যালয়খনৰ চাদ আৰু পকী দেৱাল।

অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষক বিদ্যালয়খন মেৰামতি কৰাৰ বাবে বাৰম্বাৰ লিখিত অভিযোগ দিয়াৰ পিছতো কোনো সঁহাৰি পোৱা নাই বিদ্যালয়খনৰ কতৃপক্ষই। জহি-খহি যোৱা বিদ্যালয়খনৰ চাদ আৰু পকী দেৱাল সম্পূৰ্ণ জৰাজীৰ্ণ হৈ পৰাৰ ফলত যিকোনো মুহূৰ্তত ভয়াৱহ বিপদ নামি আহিব পাৰে বিদ্যালয়খনৰ শিক্ষক তথা শিক্ষাৰ্থী সকলৰ ওপৰত। ইপিনে ভয়ত আতংকিত হৈ বিদ্যালয়খন এৰিছে বহু ছাত্ৰ-ছাত্ৰীয়ে। ফলত বিদ্যালয়খনৰ কৰ্তৃপক্ষই বিদ্যালয়খন বন্ধ কৰি দিবলৈ বাধ্য হৈছে।

বিদ্যালয়খনৰ জৰাজীৰ্ণ অৱস্থাত আতংকিত হৈ পৰা ছাত্ৰ ছাত্ৰী সকলে বিদ্যালয়খনত আহিবলৈ অমান্তি হোৱাত বিদ্যালয়খন বন্ধ কৰি ওচৰৰ আন এখন বিদ্যালয়ত পাঠদান চলোৱাৰ ব্যৱস্থা কৰিছে বিদ্যালয়খনৰ কৰ্তৃপক্ষই। এনে ক্ষেত্ৰত ৰাজ্যৰ শিক্ষা বিভাগে বিদ্যালয়খনৰ প্ৰতি কেনে গুৰুত্ব প্ৰদান কৰে সেয়াই সময়তে লক্ষণীয় হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply