নিউজ ডেক্স:- অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি আৰু সম্পাদক ৰূপে ৰাণা প্ৰতাপ বৰুৱা আৰু পলাশ চাংমাইয়ে পুনৰ দায়িত্ব ললে | ইয়াৰ পিছতেই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বই অসম জাতীয় পৰিষদত যোগদান নকৰাতো স্পষ্ট হয় | আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগতে জন্ম লোৱা ৰাজনৈতিক দল অসম জাতীয় পৰিষদত আশ্চয্যজনক ভাবে যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্ব আতৰি থকা বিষয়টোৱে বিশেষ ভাবে গুৰুত্ব লাভ কৰিছে | ৰাজনৈতিক দল গঠনৰ ক্ষেত্ৰত বিশেষ ভুমিকা লোৱা আছুৰ সভাপতি দীপাংকৰ নাথো ইয়াৰ পৰা আতৰি থাকিল |
সদ্য সমাপ্ত গুৱাহাটীৰ শিল্পগ্ৰামত আয়োজিত যুৱ ছাত্ৰ পৰিষদৰ অধিবেশন সময়ত অসম জাতীয় পৰিষদৰ সৈতে কিছু মতান্তৰ হোৱাৰ খবৰ প্ৰকাশ হৈছিল | অবশ্যে এই সম্পৰ্কে কোনো মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত আছিল দুয়োটা সংগঠনৰ নেতৃত্ব | কা বাতিলৰ দাবীত চলিত বৰ্ষৰ আৰম্ভনীৰে পৰা একেলগেই আন্দোলন কৰা আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বই অসম গণ পৰিষদে আঞ্চলিকতাবাদী চৰিত্ৰ হেৰুৱাই পেলোৱাৰ অভিযোগ তুলি নতুন ৰাজনৈতিক দল গঠনৰ কথা উল্লেখ কৰিছিল |
সেই মৰ্মেই আছু আৰু যুৱ ছাত্ৰ পৰিষদে এখন কমিটি গঠন কৰি এটা নতুন ৰাজনৈতিক দলৰ ৰূপৰেখা বনাবৰ বাবে দায়িত্ব দিছিল ৰাজ্যৰ অভিজ্ঞ ব্যক্তি সকলক লৈ গঠিত এখন কমিটিত | সেই কমিটিয়ে দাখিল কৰা প্ৰতিবেদন মতেই পৰবৰ্তী সময়ত জন্ম পাইছিল অসম জাতীয় পৰিষদে | আশ্চয্যজনক ভাবে নেতৃত্ব লোৱা সকলৰ ভিতৰত লুৰীণজ্যোতি গগৈ ৰাজনৈতিক দলটোৰ সভাপতিৰ আসনত বঢ়াৰ বিপৰীতে বাকী নেতৃত্ব ইয়াৰ পৰা আতৰি থাকে |