নিউজ ডেস্ক: নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে ৰাজনৈতিক দল সমূহৰ মাজতো তত্পৰতা বৃদ্ধি পাইছে | ভোটাৰসকলক আকৰ্ষিত কৰাৰ বাবে কৌশল আৰম্ভ কৰিছে ৰাজনৈতিক দল সমূহে | শেহতীয়াকৈ যোৱা ১৮ জানুৱাৰীত প্রকাশ পোৱা ভোটাৰ তালিকা অনুসৰি এইবাৰ মুঠ ভোটাৰৰ সংখ্যা হ’ল– ২ কোটি ২৯ লাখ ৯২ হাজাৰ ৫০৫গৰাকী৷ ইয়াৰে ১ কোটি ১৬ লাখ ৫৬ হাজাৰ ৯২৬গৰাকী পুৰুষ আৰু ১ কোটি ১৩ লাখ ৩৫ হাজাৰ ৫৭৯গৰাকী মহিলা ভোটাৰ৷
এইবাৰৰ তালিকা খনলৈ লক্ষ্য কৰিলে দেখা যায় যুৱ ভোটাৰৰ সংখ্যা অসমত যথেষ্ট বৃদ্ধি পাইছে |১৮ বছৰ বয়সৰ পৰা ৩০ বছৰ বয়সৰ ভিতৰত আছে সর্বাধিক ভোটাৰ৷ অর্থাৎ ১৮ বছৰ বয়সৰ পৰা ৩০ বছৰ বয়সৰ প্রায় ৬৯ লাখ ভোটাৰে এইবাৰ নির্ণয় কৰিব প্রার্থীৰ ভাগ্য৷ মুখ্যতঃ ইয়াকে লৈ যুৱ ভোটাৰক আকর্ষিত কৰাৰ লক্ষ্য কৰি লৈছে এতিয়া ৰাজনৈতিক দলসমূহে৷
ভোটাৰ তালিকা অনুসৰি ২০ বছৰ বয়সৰ পৰা ২৯ বছৰ বয়সলৈ এইবাৰ ভোটাৰ তালিকাত স্থান পাইছে ৬৪,২৯,৩৭৮গৰাকী ভোটাৰে৷ ইয়াৰে ৩২,৩২,৭৯৫গৰাকী পুৰুষ ভোটাৰ আৰু ৩১,৯৬,৫৮৩গৰাকী মহিলা ভোটাৰ৷ আনহাতে, ১৮ বছৰৰ পৰা ১৯ বছৰ বয়সৰ ভিতৰত প্রথমবাৰৰ বাবে ভোটাধিকাৰ পোৱা ভোটাৰৰ সংখ্যা হ’ল ৪,২০,৭৯২গৰাকী৷ ইয়াৰে ২,৩৬,৮৯৩গৰাকী পুৰুষ ভোটাৰ আৰু ১,৮৩,৮৮৯গৰাকী মহিলা ভোটাৰ৷ ২০১৬ চনৰ বিধানসভা নির্বাচনতকৈ ১৫ শতাংশতকৈ অধিক যুৱ ভোটাৰৰ বৃদ্ধি হৈছে |

প্ৰকাশিত তালিকা মতে ৩০ বছৰ বয়সৰ পৰা ৩৯ বছৰ বয়সৰ ভোটাৰ সংখ্যা হ’ল ৫৬,৬৯,৮৮০জন৷ ইয়াৰে ২৮,৩৯,৭৪৯জন পুৰুষ ভোটাৰ আৰু ২৮,৩০,১৩১গৰাকী মহিলা ভোটাৰ৷ একেদৰে ৪০ বছৰ বয়সৰ পৰা ৪৯ বছৰ বয়সৰ ভিতৰত ভোটাৰ আছে ৪৫,১২,০৬৫জন৷ ইয়াৰে ২২,৫৩,৮৫৮গৰাকী পুৰুষ ভোটাৰ আৰু ২২,৫৮,২০৭গৰাকী মহিলা ভোটাৰ৷ ভোটাৰ তালিকাত ৫০ বছৰৰ পৰা ৫৯ বছৰৰ ভোটাৰৰ সংখ্যা হ’ল ৩১,৭৪,৭৫২গৰাকী৷ ইয়াৰে ১৬,৫৭,৬৫৮গৰাকী পুৰুষ আৰু ১৫,১৭,০৯৪গৰাকী মহিলা৷ ৬০–৬৯ বছৰৰ বয়সৰ মুঠ ভোটাৰৰ সংখ্যা হ’ল ১৭,৩৫,২৪১গৰাকী৷ আনহাতে, ৭০ৰ পৰা ৮৯ বছৰৰ ভিতৰত মুঠ ভোটাৰৰ সংখ্যা হ’ল ৭,৫৬,৬৮৪গৰাকী
লক্ষণীয়ভাৱে বিগত ৫ বছৰত বৃদ্ধি পোৱা এই ভোটাৰৰ অধিকাংশ ভোটাৰ হ’ল– নগাঁও, বৰপেটা, ধুবুৰী, কাছাৰ, কৰিমগঞ্জ, দৰং, কামৰূপ আৰু কামৰূপ (মহানগৰ) জিলাৰ৷ নগাঁও জিলাত যোৱা পাঁচ বছৰত বৃদ্ধি হোৱা ভোটাৰৰ সংখ্যা হ’ল– ১,৮০,২৯৬গৰাকী৷ একেদৰে বৰপেটা জিলাত ১,৮৪,৫০৩গৰাকী, কৰিমগঞ্জত ১,৩৫,৭৯৬গৰাকী, কাছাৰ জিলাত ১ লাখ ৬০ হাজাৰ আৰু কামৰূপৰ গ্রাম্য, মহানগৰ জিলাত বৃদ্ধি হোৱা মুঠ ভোটাৰৰ সংখ্যা হ’ল ২ লাখ ৯০ হাজাৰ৷ প্রকাশ পোৱা ভোটাৰ তালিকা অনুসৰি ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত ৰাজধানী দিছপুৰ সমষ্টিত আছে সর্বাধিক ভোটাৰ৷ দিছপুৰ সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হ’ল ৪,০৬,৫৫৫গৰাকী৷ আনহাতে, সর্বাধিক কম থকা সমষ্টিটো হ’ল শিৱসাগৰ জিলাৰ থাওৰা সমষ্টি৷ এই সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা হ’ল ১,১৪,২২১গৰাকী৷