যোৰহাট – মঙলবাৰে নিশা যোৰহাটস্থিত প্ৰতিদিন টাইমৰ কাৰ্যালয়ত দুৰ্বৃত্তৰ আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে যোৰহাটত বৃহস্পতিবাৰেও দেখিবলৈ পোৱা যায় তীব্ৰ প্ৰতিবাদ। দোষীক উচিত শাস্তি বিহাৰ দাবী জনাই যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত টাই আহোম ছাত্র সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

আটাছু লগতে প্ৰতিদিন টাইমৰ কাৰ্যালয়ত সংঘটিত হোৱা আক্ৰমণৰ ঘটনাক গৰিহণা জনাই যোৰহাট জিলা ছাত্ৰ সন্থাই ক’লা পতকা প্ৰদৰ্শণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ইতিমধ্যে বুধবাৰে যোৰহাট জিলা ই-মিডিয়া, সদৌ অসমৰ ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতি, যোৰহাট জিলা সাংবাদিক সন্থাই প্ৰতিবাদ সাব্যস্ত কৰিছিল।

বুধবাৰে প্ৰতিদিন টাইমৰ কাৰ্যালয়ত আক্ৰমণৰ ঘটনাৰ লগত জড়িত চাৰিজনকৈ দুষ্কৃতিকাৰীক আৰক্ষীয়ে আটক কৰিছিল। ঘটনাৰ লগত জড়িত ব্যক্তি সকল যাতে কোনো কাৰণতে সাৰি যাব নোৱাৰে, সেইয়া সুনিশ্চিত কৰাৰ বাবে দাবী জনায় প্ৰতিবাদকাৰী সকলে।

উল্লেখ্য যে মঙলাবাৰে নিশা যোৰহাটস্থিত প্ৰতিদিন টাইমৰ কাৰ্যালয়ত সংঘটিত হৈছিল এক আক্ৰমণৰ ঘটনা। এই বৰ্বৰ আক্ৰমণত প্ৰতিদিন টাইমৰ সাংবাদিক পৰমানন্দ বৰা, সাংবাদিক জিন্টু শইকীয়া আহত হোবা লগতে, আটাছু জিলা সভাপতি ৰাজীৱ গগৈক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ লগতে প্ৰকাশ কৰ্মকাৰ নামৰ যুৱকজনকো প্ৰহাৰ কৰিছিল দুৰ্বৃত্তৰ এটা দলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply