যোৰহাট – যোৰহাট আৰক্ষীৰ বৃহৎ সাফল্য। যোৰহাট আৰক্ষীৰ জালত পৰিল তিনিটা দুধৰ্ষ চোৰ। চোৰ কেইটাৰ কবলৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিলে কেইবা লক্ষাধিক টকাৰ সা-সামগ্ৰী। উদ্ধাৰ সোণৰ গহনাসহ কেইবাটাও মোবাইল ফোন।
যোৰহাট আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই তিনিটাকৈ দুধর্ষ চোৰক আটক কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে যোৰহাটৰ ফাঁচি আলি আৰু পুজা ডুবিত অভিযান চলাই চোৰ কেইটাক আটক কৰে। ফাঁচি আলি আৰু পুজা ডুবিত ভাড়া ঘৰলৈ বিভিন্ন কামৰ অজুহাতত চোৰ কেইটা দীৰ্ঘদিন ধৰি বসবাস কৰি আছিল।
আৰক্ষীয়ে ভাড়া ঘৰৰ পৰা আটক কৰা চোৰ কেইটাৰ কবলৰ পৰা বহু সোণ-ৰূপৰ গহনা, ১৬ টাকৈ মোবাইল ফোন আৰু নগদ ১২,৫০০ টকাসহ চুৰিকাৰ্যত ব্যৱহাৰ কৰা বহু সা-সমগ্ৰী উদ্ধাৰ কৰে। আৰক্ষীয়ে আটক কৰা চোৰ কেইটা হৈছে ক্ৰমে হজৰত আলী, তৈয়বোৰ ৰহমান আৰু ৰফিকুল ইচলাম।
ইয়াৰে হজৰত আলীৰ ঘৰ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত, তৈয়বোৰ ৰহমানৰ ঘৰ নগাঁও জিলাৰ জুৰিয়াত আৰু ৰফিকুল ইচলামৰ ঘৰ শোণিতপুৰ জিলাৰ তেজপুৰত। চোৰ কেইটাৰ কবলৰ পৰা আৰক্ষীয়ে এএচ-১২-ইউ-৩৭৮৯ নম্বৰৰ এখন পালচাৰ ১৫০ বাইকো জব্দ কৰিছে।