যোৰহাট – যোৰহাটৰ মুৰমুৰীয়া চাহ বাগিচাত অঘটন। চাহ বাগিচাত দুটা নাহৰফুটুকীৰ মাজত হোৱা যুঁজত আহত হয় এটা নাহৰফুটুকী । বাগিচাৰ শ্ৰমিকে মুমু্ৰ্ষ অৱস্থাত নাহৰফুটুকীটোক উদ্ধাৰ কৰি বন বিভাগক খবৰ দিয়ে।
যোৰহাট জিলাৰ মুৰমুৰীয়া চাহ বাগিচাত দুটা নাহৰফুটুকীৰ মাজত হোৱা যুঁজত এটা নাহৰফুটুকী গুৰুত্বৰভাৱে আহত হৈছে। আহত নাহৰফুটুকীটো বৰ্তমান মুমু্ৰ্ষ অৱস্থাত আছে। সোমবাৰে নিশাৰ ভাগত বাগিচাৰ মাজত দুটা নাহৰফুটুকীৰ মাজত যুঁজ হৈছিল বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে।
মঙলাবাৰে পুৱা প্ৰায় ৬ বজাত বাগিচাখনৰ কেইজনমান শ্ৰমিকে নাহৰফুটুকীটোক উদ্ধাৰ কৰি বন বিভাগৰ লোকক খবৰ দিয়ে। বন বিভাগৰ লোক সময়মতে ঘটনাস্থলীত উপস্থিত নোহোৱাৰ ফলতে আহত নাহৰফুটুকীটোৰ অৱস্থা গুৰুত্বৰ হৈ পৰে বুলিও স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে। বাগিচাখনৰ শ্ৰমিকে খবৰ দিয়াৰ কেইবাঘণ্টা পিছত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হয়।
বন বিভাগৰ লোক বহু সময় পিছত ঘটনাস্থলীত উপস্থিত হৈ আহত নাহৰফুটুকীটোক উদ্ধাৰ কৰে। বন বিভাগৰ লোকে আহত নাহৰফুটুকীটোক চিকিৎসাৰ বাবে লৈ গৈছে যদিও ৰাইজে জানিবলৈ দিয়ে যে আহত নাহৰফুটুকীটোৰ মৃত্যুৰ সম্ভাৱনা অধিক।