যোৰহাট: মহিলা মঞ্চৰ আঁৰলৈ দেহ ব্যৱসায় চলাই থকা এটা চক্ৰ অৱশেষত যোৰহাট আৰক্ষীৰ জালত। যোৰহাট জিলা আৰক্ষীয়ে নাগালেণ্ড আৰক্ষীৰ সহযোগত দেহ ব্যৱসায় চক্ৰ চলাই থকা পল্লৱজ্যোতি সন্দিকৈ নামৰ এজনৰ লগতে নাগালেণ্ডৰ মোককচাং জিলাৰ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰাৰ পিছতে মহিলা সংগঠনৰ নাম লৈ দেহ ব্যৱসায় চক্ৰ চলাই থকা ঘটনা পোহৰলৈ আহে।
‘বীৰাংগনা মহিলা মঞ্চ’ নামৰ সংগঠনটোৰ সহযোগত পৰিচালিত হৈ থকা দেহ ব্যৱসায় চক্ৰটোক যোৰহাটৰ পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত বাহতীয়া নামৰ অঞ্চলটোৰ পৰা উৎখাত কৰিবলৈ সক্ষম হয়।
যোৰহাটৰ উপ-আৰক্ষী অধীক্ষক বিভাস দাসে জানিবলৈ দিয়া মতে মহিলা মঞ্চৰ নামত চক্ৰটোৱে পুলিবৰ থানাৰ অন্তৰ্গত বাহতীয়াৰ এটা বিশেষ ঘৰত দীৰ্ঘদিন ধৰি দেহ ব্যৱসায় চলাই আহিছিল।
আৰক্ষীয়ে বাহতীয়াৰ ঘৰটোত অভিয়ান চলাই ঘৰটোত বন্দী কৰি ৰখা তিনিগৰাকী নাবালিকাক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৬ গৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাত ৫৫৫/২০২১ নম্বৰৰ গোচৰ ৰুজু কৰিছে।
ইতিমধ্যে গ্ৰেপ্তাৰ কৰা অভিযুক্ত মহিলা কেইগৰাকীক আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।
আৰক্ষীয়ে প্ৰকাশ কৰা মতে ঘৰটোত বন্দী কৰি ৰখা নাবালিকা তিনিগৰাকীক বিউটি পাৰ্লাৰত কাম দিয়াৰ প্ৰলোভন দি যোৰহাটলৈ অনা হৈছিল। মহিলা সংগঠনৰ সদস্যাসকলে এনেদৰে অহা ছোৱালীবোৰক বিভিন্ন গ্ৰাহকক যোগান ধৰি অহা বুলি আৰক্ষীৰ আগত প্ৰকাশ কৰিছে।