যোৰহাটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ

যোৰহাট – অহা ৭ ফেব্ৰুৱাৰীত অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব এক জনসভাত। প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ প্ৰাকমূহুৰ্তত ৰাজ্যৰ প্ৰান্তে প্রান্তে বিক্ষোভ। দাহ কৰা হৈছে প্ৰধানমন্ত্ৰীৰ প্ৰতিকৃতি।

অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ ৰাইজক। মূল্যবৃদ্ধি নিয়ন্ত্ৰণত চৰকাৰখন সম্পূৰ্ন ব্যৰ্থ হোৱাৰ অভিযোগত বিভিন্ন দল-সংগঠনে চৰকাৰখনৰ বিৰুদ্ধে অব্যাহত ৰাখিছে প্ৰতিবাদ। শুকুৰবাৰে অত্যাৱশ্যকীয় সামগ্ৰী আৰু পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যে শাসনাধিস্থ বিজেপি চৰকাৰখনে নিৰ্বাচনৰ পূৰ্বে মূল্যবৃদ্ধি হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰৰ দিনত সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰল-ডিজেলৰ মূল্য দিনক দিনে বৃদ্ধি পোৱাহে পৰিলক্ষিত হৈছে।

এই মূল্যবৃদ্ধিৰ প্ৰতিবাদত শুকুৰবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে যোৰহাট জিলতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি হোৱাও পৰিলক্ষিত হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply