যোৰহাট – যোৰহাটত ভয়ংকৰ পথ দুর্ঘটনা। যোৰহাটৰ বাইপাছত সংঘটিত হৈছে পথ দুর্ঘটনা। নিহত এজন যুৱক। দুখন বাহনৰ মাজত সোমাই পৰে যুৱকজনৰ বাইক।

বৃহস্পতিবাৰে পুৱাৰ ভাগত যোৰহাটত সংঘটিত হয় এক ভয়ংকৰ পথ দুর্ঘটনা। পথ দুর্ঘটনাটোৰ থিতাতে নিহত হয় এজন যুৱক। নিহত যুৱকজন যোৰহাটৰ বুলি জানিব পৰা গৈছে। যোৰহাটৰ বাইপাছত দুখন বাহনৰ মাজত যুৱকজনৰ বাইক সোমাই পৰাত যুৱকজন থিতাতে নিহত হয়।

এখন দ্ৰুতবেগী ট্ৰাক আৰু বেলেন’ বাহনৰ মাজত সোমাই পৰে যুৱকজনৰ বাইক। দুর্ঘটনা সংঘটিত হোৱাৰ লগে লগে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ট্ৰাকৰ চালকজন। ঘটনাস্থলীত যোৰহাট সদৰ আৰক্ষী আৰু যান বাহন আৰক্ষী উপস্থিত হৈ ট্ৰাক আৰু বেলেন’ বাহন খন জব্দ কৰে।

আৰক্ষীয়ে দুৰ্ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। যুৱকজনৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে। পুৱাৰ ভাগতে পথ দুৰ্ঘটনাত এজন যুৱক নিহত হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply