যোৰহাটত যন্তৰ মন্তৰ আৰ্হিত ভেলাঘৰ

যোৰহাট: ৰাজ্যজুৰি এতিয়া ভোগৰ ভোগালীক আদৰাৰ ব্যাপক প্রস্তুতি। ভিন্ন প্রান্তৰ পথাৰত আকৰ্ষণীয় ভেলাঘৰ নিৰ্মাণৰ অঘোষিত প্রতিযোগিতা চলিছে। গাঁৱৰ জীয়ৰী-বোৱাৰী সকলোৱে মিলি ব্যস্ত হৈ পৰিছে পৰম্পৰাগত পিঠা-পনা প্রস্তুতত। ভোগালীৰ বজাৰতো দেখা গৈছে ক্রেতা-বিক্রেতাৰ ভিৰ। হেঁপাহৰ ভোগালীক আদৰিবলৈ সকলো প্রস্তুতি চলাইছে গাঁও-চহৰৰ প্রতিজন অসমীয়াই।

ভেলাগাঁও নিৰ্মাণ কৰি সৰ্বতে চৰ্চাত থকা যোৰহাটৰ দুই নং চৰাই বাঁহী গাঁৱৰ যুৱক যুবতী সকলে এইবাৰ দিছে নতুন চমক। নৰা, বাঁহ আদিৰে সুন্দৰকৈ নিৰ্মান কৰিছে দিল্লীৰ যন্তৰ মন্তৰ। ভোগালীৰ উৰুকাত লগে ভাগে এসাঁজ খাবলৈ সাজু হৈছে গঞা ৰাইজে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply