যোৰহাট – যোৰহাটত ৰাইজৰ দলৰ বৃহৎ যোগদান কাৰ্যসূচী। দুই শতাধিক লোকে যোগদান কৰিলে ৰাইজৰ দলত। ৰাইজৰ দলত নতুনকৈ যোগদান কৰা লোকসকলে উলিয়ালে এক বৃহৎ বাইক ৰেলী।
ৰাজ্যত চলিছে নিৰ্বাচনী গৰম বতাহ। এফালে বিধনাসভা নিৰ্বাচনকলৈ শাসকীয় বিজেপি দলে নিজৰ পাঁচ বছৰীয়া কামৰ খতিয়ান দাঙি পুনৰ ৰাইজক পদুমৰ প্ৰতি আকৰ্ষিত কৰাৰ চেষ্টা চলাইছে, আনফালে কংগ্ৰেছ দল উঠি পৰি লাগিছে দিছপুৰ দখল কৰাৰ বাবে। পিছ পৰি ৰোৱা নাই আঞ্চলিক ৰাজনৈতিক দল সমূহ।
বিজেপিক দিছপুৰ পুনৰ লাগে, কংগ্ৰেছৰ লক্ষ্য বিজেপিক আঁতৰাই নিজকে পুনৰ প্ৰতিষ্ঠা কৰা আৰু আঞ্চলিক দল সমূহৰ দাবী আঞ্চলিকতাবাদৰ অবিহনে অসমৰ ভৱিষ্যত অন্ধকাৰ। প্ৰতিটো ৰাজনৈতিক দল নিজ নিজ ৰণ কৌশললৈ নিৰ্বাচনী যুঁজত নামি পৰিছে যদিও ৰাজনৈতিক দল সমূহৰ অংকত আউল লগাইছে দল সমূহৰ কিছু নেতা-কৰ্মীয়ে।
নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ইটো দল এৰি সিটো দলত যোগদান কৰাতো এক স্বাভাৱিক কাৰ্যসূচীত পৰিণত হৈছে। কেতিয়াবা যদি কংগ্ৰেছৰ নেতা-কৰ্মীয়ে কংগ্ৰেছক এৰি অন্য দললৈ গৈছে, কেতিয়াবা অন্য দলৰ নেতা-কর্মী আহিছে কংগ্ৰেছৰলৈ। একে অৱস্থা বিজেপিৰ ক্ষেত্ৰত। নৱগঠিত আঞ্চলিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দললৈও আহিছে বহু লোক।
বুধবাৰে যোৰহাটৰ শংকৰ দেৱ কলা কৃষ্টি আৰু গৱেষণা কেন্দ্ৰত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ এক যোগদান কাৰ্যসূচীত প্ৰায় দুই শতাধিক লোকে অন্য দল ত্যাগ কৰি ৰাইজক দলত যোগদান কৰে। যোগান কাৰ্যসূচীত ৰাইজৰ দলৰ জিলা সভাপতি দিব্যজ্যোতি শৰ্মা, বীৰ লাচিত সেনাৰ যোৰহাট জিলা সম্পাদক সিদ্ধাৰ্থ বৰুৱাসহ জিলা পৰ্যায়ৰ বিষয়ববীয়া সকল উপস্থিত থাকে।
যোগদান সভাৰ শেষত ৰাইজৰ দলত যোগদানকাৰী সকলে যোৰহাট নগৰৰ মাজেদি এক বৃহৎ বাইক ৰেলী উলিয়াই। ৰাইজৰ দলৰ কর্মী সকলক বাইক ৰেলী উলিওৱা সময়ত আৰক্ষী আৰু প্ৰসাশনে বাধা প্ৰদান কৰে। ৰাইজৰ দলে বাইক ৰেলী উলিয়াবলৈ পূৰ্বেই অনুমতি বিচাৰিছিল যদিও প্ৰশাসনে শেষ পৰ্যায়লৈ ৰেলীৰ অনুমতি দিয়া নাছিল। পৰৱৰ্তী সময়ত প্ৰসাশনে বাইক ৰেলীৰ বাবে অনুমতি দিবলৈ বাধ্য হয় ।