অমৰ জ্যোতি বৰা: যোৰহাট জিলাৰ ঐতিহাসিক প্ৰমূল্য থকা ঠাইসমূহৰ ভিতৰত এক অন্যতম হ’ল হাতীশাল । যোৰহাট নগৰৰ পৰা নাতি দূৰৈত জাজীমুখৰ চুমনি চাপৰিৰ পৰা লাহদৈগড়ৰ মেলেঙ বৰখেলীয়ালৈকে বৃস্তিত এই হাতীশালৰ লগত জড়িত হৈ আছে অসমৰ ঐতিহ্য আৰু বীৰত্বৰ সোণালী গাথা ।
আহোমৰ দিনৰ বৰ অসমৰ ভেটি সুদৃঢ় কৰাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা থকা এই হাতীশালৰ সম্পৰ্কত প্ৰাচীন বুৰঞ্জী সমূহত যথেষ্ট তথ্য পোৱা নাযায় যদিও , প্ৰচলিত প্ৰবাদ , পুৰাতাত্ত্বিক জৰীপৰ লগতে কোনো কোনো বুৰঞ্জীত স্বগদেউ চুডাঙফাৰ ৰাজত্বকালত আহোম সেনাবাহিনীৰ পুষ্টিৰ নিমিৰ্ত্তে বনৰীয়া হাতী ধৰি ঘৰচীয়া কৰাৰ এক অভিনৱ কৌশল অৱলম্বন কৰিছিল বুলি উল্লেখ আছে । বুৰঞ্জী অনুসৰি স্বৰ্গদেউ চুডাঙফাই হাতী ধৰিবৰ কাৰণে তেওঁৰ বিশ্বাসী বিষয়া তাতানবিন বুঢ়াগোঁহাইৰ সহযোগত তেতিয়াৰ নামদাং হাবিৰ পৰা গড় মৰাই হাতী খেদি আনি এই হাতীশালত হাজাৰ হাজাৰ হাতীক বন্দী কৰি ঘৰচীয়া কৰিছিল ।

উল্লেখযোগ্য যে হাবি বনেৰে ভৰপূৰ তেতিয়াৰ নামদাঙৰ পৰা এফালে গড় মৰোৱাই আন দুফালে ওখ ওখ শক্তিশালী গছবোৰ শকত পঘাৰে পকাই পকাই বান্ধি হাতী খেদি নি এই হাতীশালৰ খাৱৈত পেলাই ঘৰচীয়া হাতীৰ সহায়ত ধৰিছিল ।
হাতী ধৰা, সিহঁতক প্ৰশিক্ষণ দি ঘৰচীয়া কৰাৰ কাৰণে স্বৰ্গদেৱে সেইসময়ত হাতীচুংগী , ওপৰচুংগী , চুংগীমাহুত আদি বিশেষ শ্ৰেণীৰ খেলৰো সৃষ্টি কৰিছিল । কিন্তু প্ৰকৃত সংৰক্ষণৰ অভাৱ আৰু বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ যেনে বানপানী , গৰাখহনীয়া আদিয়ে তাহানিৰ আহোম সাম্ৰাজ্যৰ শৌয্য-বিয্যৰ প্ৰতীক স্বৰূপ হাতী ধৰাৰ বাবে প্ৰস্তুত কৰা এই হাতীশালৰ অস্তিত্ব সম্পূৰ্ণ ৰূপে নিশেষ হৈ গৈছে । প্ৰাচীন হাতীশালত এতিয়া মানুহে ঘৰ পাতিছে , বাৰি পাতি খেতি কৰিছে , এসময়ৰ অৰণ্যৰ ঠাইত এতিয়া খেতি পথাৰ হৈছে ।

হাতীশাল – বৰখেলীয়া গাঁৱৰ গাওঁবুঢ়া দুলাল শইকীয়াই জনোৱা মতে ‘ তাহানিৰ হাতীশাল নামটোৰ বাহিৰে ইয়াত হাতীশালৰ একো অস্তিত্ব আজি বিছাৰি নাপায় । হাতী ধৰিবৰ বাবে আহোমৰজাৰ দিনত নিৰ্মাণ কৰা গড় ব্ৰহ্মপুত্ৰৰ বানে খহাই নিলে , যি অলপ অৱশিষ্ট আছিল তাকো মানুহে কাটি ঘৰৰ ভেটি বান্ধিলে ।
এসময়ৰ শৌয্যৰ প্ৰতীক হাতীশালৰ এতিয়া কেৱল নামটো থাকি গ’ল ।’ হাতী শালৰ অস্তিত্ব বিপন্ন যদিও ইয়াৰ সৌন্দৰ্য আজিও অটুট আছে , অসমৰ পৰ্যটন বিভাগে এই অঞ্চলটোক সংৰক্ষণ আৰু সংৱদ্ধনৰ ব্যৱস্থা কৰি পৰ্যটনৰ ক্ষেত্ৰ হিচাপে গঢ়ি তুলিলে হাতীশালৰ গুৰুত্ব নিশ্চয় বৃদ্ধি পাব ।