যোৰহাট – ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন লোক সকলক বিচাৰি তীব্ৰ অভিযান। যোৰহাটত মঙলাবাৰে ব্ৰহ্মপুত্ৰ নদীত সংঘটিত হোৱা নাওঁ দুর্ঘটনাত সন্ধানহীন লোক সকলক বিচাৰি এছ ডি আৰ এফ আৰু এন ডি আৰ এফ বাহিনীৰ অভিযান। উদ্ধাৰ হৈছে এটি শিশুৰ মৃতদেহ।
যোৰহাটৰ বাঘমৰাত ব্ৰহ্মপুত্ৰ নদীত সংঘটিত হোৱা নাওঁ দুৰ্ঘটনাত সন্ধান হোৱা লোক সকলৰ উদ্ধাৰ অভিযান তীব্রতৰ কৰি তুলিছে এছ ডি আৰ এফ আৰু এন ডি আৰ এফ বাহিনীয়ে। অভিযানত ইতিমধ্যে ইতিমধ্যে এটি ৯ বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ হৈছে। মৃত শিশুটি চুফিয়ান চৌহান বুলি চিনাক্ত কৰা হৈছে।
বর্তমানেও ব্ৰহ্মপুত্ৰৰ বুকুত তিনিগৰাকী লোক সন্ধানহীন হৈ আছে। সন্ধানহীন লোক সকলক উদ্ধাৰ কৰাৰ বাবে তীব্ৰ অভিযান অব্যাহত ৰাখিছে এছ ডি আৰ এফ আৰু এন ডি আৰ এফ বাহিনীয়ে। বৰ্তমানলৈকে ৰাজিয়া টিকালা, চুফীয়ান চৌহান, চাহিল চৌহান আৰু প্ৰৱন ৰায়ৰ মৃতদেহ ব্ৰহ্মপুত্ৰৰ পৰা উদ্ধাৰ কৰা হৈছে।
উল্লেখ্য যে মঙলাবাৰে বনভোজ খাবলৈ যোৱা এটা দলৰ নাওঁ বাঘমৰাত ব্ৰহ্মপুত্ৰৰ বুকুত দুৰ্ঘটনাত পতিত হৈছিল। মঙলাবাৰে কেইবাগৰাকী লোকক জীৱন্তে উদ্ধাৰ কৰা হৈছিল যদিও সন্ধানহীন হৈ আছিল বহু লোক। এছ ডি আৰ এফ আৰু এন ডি আৰ এফ বাহিনীৰ লোকে মঙলাবাৰৰ পৰাই সন্ধানহীন লোক সকলৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।