যোৰহাট – যোৰহাট উকিল সন্থা নৱনিৰ্মিত ভৱন আৰু পদসেতু আধাৰশিলা স্থাপন। উদ্ধোধন কৰে যোৰহাট সমষ্টি বিধায়ক তথা বিধানসভা অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে। চহৰ আৰু নগৰ অন্তঃগাথনি উন্নয়ন পুঁজিৰ ১১.৬০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব।
যোৰহাটৰ ঐতিহাসিক উকীল সন্থাৰ ভৱনে পাব নতুন ৰূপ। কেইবা মহলীয়া কৈ নিৰ্মাণ কৰা হ’ব যোৰহাটৰ ঐতিহাসিক উকীল সন্থাৰ ভৱনটো। চহৰ আৰু নগৰ অন্তঃগাথনি উন্নয়ন পুঁজিৰ ১১.৬০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব ভৱনটো।
যোৰহাটৰ বিধায়ক তথা বিধানসভা অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী য়ে মঙলাবাৰে যোৰহাট উকিল সন্থা নৱনিৰ্মিত ভৱন আৰু পদসেতুৰ আধাৰশিলা উন্মোচন কৰে। যোৰহাটৰ উকীল সন্থাৰ দীৰ্ঘদিনীয়া দাবী সফল হোৱা দিশত। উল্লেখযোগ্য যে প্ৰায় ১৫০ বছৰীয়া এই ভৱনটো নতুন ৰূপত আগন্তুক দুটা বছৰৰ ভিতৰত সম্পূৰ্ণ হোৱা আশা কৰিছে যোৰহাট উকীল সন্থাৰ সভাপতি অধিবক্তা ৰিন্টু গোস্বামীয়ে।