যোৰহাট,ৰনজিৎ দত্তঃ কেন্দ্ৰীয় চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে স্বচ্ছতাৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা পাৰদৰ্শিতাৰ ভিত্তিত অসমৰ ৯ খন পৌৰসভালৈ ২০২১ চনৰ স্বচ্ছ সৰ্বেক্ষণ বঁটা আগবঢ়াইছে । যোৰহাট পৌৰসভায়ো এইবছৰৰ স্বচ্ছ সৰ্বেক্ষণ বঁটা লাভ কৰিছে ।
নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত স্বচ্ছ অমৃত মহোৎসৱ শীৰ্ষক বঁটা প্ৰদান অনুষ্ঠানত দেওবাৰে ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ উপস্থিতিত অসমৰ আন ৮ খন পৌৰসভাৰ লগতে যোৰহাট পৌৰসভাক এই বঁটা আনুষ্ঠানিকভাবে প্ৰদান কৰা হয়।
লগতে পঢ়কঃদলঙৰ ৰেলিং ভাঙি নদীত পৰিল ট্ৰাক
যোৰহাট পৌৰসভাৰ কাৰ্যবাহী বিষয়া আকাশী দুৱৰাই এই বঁটা গ্ৰহণ কৰে । লগত উপস্থিত থাকে পৌৰসভাৰ নগৰ প্ৰকল্প বিষয়া অঞ্জন কুমাৰ চক্ৰৱৰ্তী৷
উল্লেখযোগ্য যে, ৫০ হাজাৰৰ পৰা ১ লাখ জনসংখ্যাৰ শ্ৰেণীত যোৰহাট পৌৰসভাই উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত Best Self- Sustainable City হিচাপে প্ৰথম স্থান লাভ কৰিছে। যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনৰ নেতৃত্বত লাভ কৰা এনে সফলতাৰ বাবে জিলা প্ৰশাসন আৰু পৌৰসভাৰ বিষয়া-কৰ্মচাৰীসকলৰ লগতে জিলাবাসীয়ে আনন্দ লাভ কৰে ৷ জিলা উপায়ুক্ত গৰাকীয়ে যোৰহাট নগৰখনক পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত আগবঢ়োৱা সহযোগিতাৰ বাবে যোৰহাটবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছে। যোৰহাট, ।