মাজুলী– যোৰহাট-মাজুলী সংযোগী দলঙৰ ডি পি আৰ বিচাৰিলে প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুৱে। মিথ্যাছাৰৰ আশ্ৰয় নোলাৱাকৈ মাজুলী ৰাইজক দলং দিবলৈ বিজেপি চৰকাৰক আহ্বান প্ৰাক্তন মন্ত্ৰী জনৰ। সংবাদমেল সম্বোধন কৰি বিজেপিক কটাক্ষ ৰাজীৱ লোচন পেগুৰ।
প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে কয়,” এইখন চৰকাৰে কেৱল পেন্দেলৰ নামত ৰাইজৰ টকাৰে চমক সৃষ্টি কৰাৰ বাহিৰে একো নাই। বস্তুৰ আকাশলংঘী মূল্য, বজাৰত জুই কিন্তু চৰকাৰৰ কাণ সাৰ নাই ।”
লগতে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে কয় কংগ্ৰেছে এইবাৰ মাজুলীত ৰণ কৌশল ৰচনা কৰিছে।
যি ৰণ কৌশলত কংগ্ৰেছৰ জয় নিশ্চিত বুলিও উল্লেখ কৰে ৰাজীৱ লোচন পেগুৱে।