গুৱাহাটী- বৃহস্পতিবাৰে মাজুলী-যোৰহাট সংযোগী পথক ৰাষ্ট্ৰীয় ঘাইপথ ঘোষণা ।ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আইন ১৯৫৬ৰ অধীনত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰণালয়ে যোৰহাটৰ ৭১৫নং মাজুলী সংযোগী পথ চোৱাক ৭১৫কে নম্বৰ নতুন ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে ঘোষণা কৰিছে ।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও এই পদক্ষেপক আদৰণি জনাই কৈছে যে কেন্দ্ৰচৰকাৰৰ এই পদক্ষেপে মাজুলীৰ আৰ্থ-সমাজিক,সামাজিক,পৰিবহণ ইত্যাদি দিশত উন্নয়ণৰ সূচনা কৰিব।
মুখ্য়মন্ত্ৰী সৰ্বানন্দ সোণোৱালে টুইটাৰ যোগেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীক ধন্যবাদ জ্ঞাপন কৰে। টুইটাৰত তেওঁ লিখে,’মাজুলীৰ লগতে সমগ্ৰ অসমৰ বাবে ভাল খবৰ। যোৰহাটৰ ৭১৫নং মাজুলী সংযোগী পথ চোৱাক ৭১৫কে নামাকৰণে নতুন ৰাষ্ট্ৰীয় পথ ঘোষণা কৰিলে। এই পদক্ষেপে উন্নয়ৰ দিশত আমাক আৰু এখোজ আগুৱাই লৈ গ’ল।’