যোৱা বছৰত নগাঁও আৰক্ষীৰ কেইবাটাও সাফল্য

নগাঁও – যোৱা বছৰ কেইবাটাও সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষী। ২০২০ বৰ্ষত ২০০ গৰাকীতকৈও অধিক ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে ১ কোটিৰো অধিক টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে নগাওঁ আৰক্ষী। নগাঁও আৰক্ষীৰ তৎপৰতাৰ বাবে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ নগাঁও জিলা এলেকাত সংঘটিত হোৱা নাই এটাও গঁড় হত্যা।

বিগত কিছু বছৰ ধৰি নগাঁৱত বৃদ্ধি পাইছে ড্ৰাগছ মুক্ত বেহা। ড্ৰাগছ ব্যৱসায়ী সকলে জিলাখনৰ বিভিন্ন অঞ্চলক ৰূপান্তৰিত কৰিছে ড্ৰাগছৰ ঘটিলৈ। ইয়াৰ মাজতে কিন্তু যোৱা ২০২০ বৰ্ষত নগাঁও আৰক্ষীয়ে জিলাখনত ড্ৰাগছ বিৰোধী অভিযান চলাই লাভ কৰিছে বৃহৎ সাফল্য।

নগাঁও জিলা আৰক্ষী অধীক্ষক গৌতম অভিজিত গোড়াবৰ নেতৃত্বত নগাঁও আৰক্ষীয়ে ২০২০ বর্ষত ড্ৰাগছ বিৰোধী অভিযান চলাই ২০০ গৰাকীতকৈও অধিক ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হোৱাৰ লগতে ১ কোটিৰো অধিক টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে। কেৱল ড্ৰাগছ বিৰোধী অভিযানতে ২০২০ বর্ষত থমকি ৰোৱা নাই নগাঁও আৰক্ষীৰ সাফল্য।

নগাঁও আৰক্ষীৰ তৎপৰতাৰ বাবেই ২০২০ বৰ্ষত গঁড় হত্যা শূণ্য হয় বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নগাঁও জিলা এলেকা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নগাঁও জিলা এলেকাত কেইবাবাৰো গঁড় চিকাৰীয়ে গঁড় হত্যাৰ পৰিকল্পনা কৰিছিল যদিও আৰক্ষীৰ তৎপৰতাৰ বাবেই গঁড় হত্যা কৰাত ব্যৰ্থ হয় চোৰাং চিকাৰী।

২০১৯ আৰু ২০ বৰ্ষত নগাঁও আৰক্ষীয়ে ৩০ জনতকৈও অধিক গঁড় চিকাৰীক অস্ত্ৰসহ কৰায়ত্ত কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও নগাঁও আৰক্ষীয়ে পশুধন সৰবৰাহকাৰীৰ বিৰুদ্ধে ২০২০ বর্ষত চলাইছিল কেইবাটাও সফল অভিযান। ২০২০ বৰ্ষত অবৈধভাৱে সৰবৰাহ কৰা ১৪০০ গৰু জব্দ কৰাৰ লগতে ১০০ জন গৰু সৰবৰাহকাৰীক আটক কৰিছিল নগাওঁ আৰক্ষীৰয়ে।

পশুধন সৰবৰাহ কৰা কেইবাখনো বাহনো জব্দ কৰিছিল নগাঁও আৰক্ষীয়ে। জিলাখনত পশুধন সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে বৰ্তমানেও অব্যাহত আছে নগাঁও আৰক্ষীৰ অভিযান। বুধবাৰে সংবাদ মাধ্যমৰ সন্মুখত ২০২০ বর্ষৰ নগাঁও আৰক্ষীৰ সাফল্য সমূহ সদৰি কৰে নগাঁও জিলা আৰক্ষী অধীক্ষক অভিজিত গৌতম অভিজিত গোড়াবে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply