লংকা – শিশু অধিকাৰ সন্দৰ্ভত সজাগতা সভা। লংকাত হোজাই আৰক্ষীৰ উদ্যাগত শিশু অধিকাৰ সন্দৰ্ভত সজাগতা সভা। স্থানীয় ৰাইজৰ লগত শিশুৰ অধিকাৰকলৈ আলোচনা আৰক্ষী আৰু চাইল্ড লাইনৰ।

হোজাই জিলাৰ লংকাত বৃহস্পতিবাৰে শিশু অধিকাৰ সন্দৰ্ভত অনুষ্ঠিত কৰা হয় এক সজাগতা সভা। হোজাই জিলা আৰক্ষী বিভাগৰ উদ্যোগত আৰু লংকা আৰক্ষী থানাৰ সহযোগত অনুষ্ঠিত কৰা হয় সজাগতা সভা।

শিশু শ্ৰমিক বন্ধ কৰা, বাল্য বিবাহ ৰোধ কৰা, শিশু সৰ্বৰাহ বন্ধ কৰাৰ লগতে শিশুৰ অন্যান্য অধিকাৰ সন্দৰ্ভত অনুষ্ঠিত সভাত ৰাইজক সজাগ কৰা হয়। সভাত কোনো লোকে যদি শিশুক শ্ৰমিক হিচাপে নিয়োজিত কৰিছে তেন্তে এই বিষয়ে ১০৯৮ নম্বৰত ফোন কৰি চাইল্ড লাইনক অৱগত কৰাৰ বাবে ৰাইজক আহ্বান জনোৱা হয়।

শিক্ষা লাভ কৰাটো প্ৰতি গৰাকী শিশুৰ অধিকাৰ আৰু শিশু সকলক শ্ৰমিক হিচাপে নিয়োজিত কৰাৰ পৰিবৰ্তে বিদ্যালয়লৈ পঠিয়াব লাগে বুলিও ৰাইজক আহ্বান জনায় সভাত উপস্থিত আৰক্ষী আৰু চাইল্ড লাইনৰ বিষয়া সকলে। চৰকাৰে শিশু সকলৰ শিক্ষাৰ বাবে বিনামূলীয়া কিতাপৰ লগতে অহাৰৰো সুবিধা প্ৰদান কৰিছে গতিকে বিদ্যালয়ৰ শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশ ঘটে বুলিও সভাত মন্তব্য প্ৰকাশ কৰে আৰক্ষী আৰু চাইল্ড লাইনৰ বিষয়া সকলে।

লংকাৰ তিনিআলি আৰক্ষী চকীৰ সম্মূখত অনুষ্ঠিত হোৱা সভাত অঞ্চলটোৰ বহু লোকে অংশগ্ৰহণ কৰে। উক্ত সভাত কেইবাখনো গাঁৱৰ মূৰব্বী সকলৰ লগতে উপস্হিত থাকে লংকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজ্যোতি শৰ্মা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply