লংকা – হোজাই জিলাৰ লংকাৰ কাকীত মʼহ যুঁজ। ম’হ যুঁজ চাবলৈ সমাগম ঘটিল হাজাৰ হাজাৰ দৰ্শকৰ। গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় ম’হৰ যুঁজ।
উচ্চতৰ ন্যায়লয়ৰ নিষেধাজ্ঞাক আওকাণ কৰি হোজাই জিলাৰ লংকাৰ কাকীত অনুষ্ঠিত কৰা ম’হৰ যুঁজ। কাকীৰ চিৰসেউজ ক্ৰীড়া আৰু সাংস্কৃতিক সংঘৰ সৌজ্যন্নত লংকাৰ কাকী শংকৰপুৰৰ ৰংমিলী পথাৰত ৭২ সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় ম’হৰ যুঁজ।
প্ৰতিবছৰৰ দৰে এইবাৰো অনুষ্ঠিত কৰা ম’হ যুঁজত কাকী দাঁতি-কাষৰীয়া বিভিন্ন প্ৰান্তৰ মʼহে অংশগ্ৰহণ কৰে। বিগত ২০ বছৰে অনুষ্ঠিত কৰা উক্ত মʼহ যুঁজত প্ৰতিবছৰৰ দৰে এইবাৰো হাজাৰ হাজাৰ দৰ্শকৰ সমাগম দেখিবলৈ পোৱা যায়।
ম’হ যুঁজ অনুষ্ঠানত নিশাৰ ভাগত অসমৰ বিভিন্ন প্ৰান্তৰ কণ্ঠশিল্পীৰ দ্বাৰা সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে বুলি উদ্যোগতা মণ্ডলীয়ে জানিব দিয়ে। উল্লেখ্য যে উচ্চতৰ ন্যায়লয়ৰ নিষেধাজ্ঞাৰ পিছতো ভোগালী বিহুৰ সময়তো ৰাজ্যৰ বিভিন্ন প্ৰান্তত ম’হৰ যুঁজ অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছিল।