লক্ষীপুৰ – গোৱালপাৰা জিলাৰ লক্ষীপুৰ আঞ্চলিক বনাঞ্চলত বনৰীয়া হাতীৰ মুক্ত বিচৰণ। চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পাহাৰৰ পৰা নামি আহিছে বনৰীয়া হাতীৰ এক বৃহৎ জাক। হাতীৰ জাকটোৱে এফালৰ পৰা ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে তহিলং কৰিছে খেতি পথাৰ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বনৰীয়া হাতীৰ সন্ত্ৰাস। উজনি নামনিৰ বিভিন্ন অঞ্চলত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহি বনৰীয়া হাতীৰ জাকে জনাঞ্চলত প্ৰৱেশ কৰি তাণ্ডৱ চলাই থাকৰ মাজতে এইবাৰ গোৱালপাৰা জিলাৰ লক্ষীপুৰত তাণ্ডৱৰ সৃষ্টি কৰিছে মেঘালয়ৰ পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ জাকে।

গোৱালপাৰা জিলাৰ লক্ষীপুৰ আঞ্চলিক বনাঞ্চলত মেঘালয়ৰ পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ এটা বৃহৎ জাকে অঞ্চলটোত বিগত ৭ মাহ ধৰি সন্ত্ৰাস চলাই আহিছে। বনৰীয়া হাতীৰ জাকটোৱে অঞ্চলটোৰ বহু লোকৰ ঘৰ-দুৱাৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে খেতি পথাৰৰ ব্যাপক ক্ষতি সাধন কৰিছে।

বনৰীয়া হাতীৰ আক্ৰমণত ইতিমধ্যে অঞ্চলটোত মৃত্যু হৈছে দুগৰাকীকৈ লোকৰ। লক্ষীপুৰৰ ধামৰ¸ গোৱালগুলি¸ ছোট শিগৰী¸ বড় শিগৰী¸ হাতোগাঁও¸ মেধীপাৰা¸ ভাইভনী আদি অঞ্চলত বনৰীয়া হাতীৰ জাকটোৱে সন্ত্ৰস চলাই থকাৰ ফলত আতংকিত অৱস্থাত দিন অতিবাহিত কৰিৱলগীয়া হৈছে গঞা ৰাইজে।

ইফালে বনৰীয়া হাতীৰ জাকটোক খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই বন বিভাগ। হাতীৰ জাকটোক খেদি পঠিওৱাৰ ক্ষেত্ৰত নিৰুপায় হৈ পৰিছে লক্ষীপুৰ আঞ্চলিক বন কৰ্মী সকল, কিয়নো লক্ষীপুৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত নাই পৰ্যাপ্ত বন কৰ্মী। ফলত দিনে নিশাই হাতী খেদিও কুল পোৱা নাই বন কৰ্মী সকলে। হাতীৰ সন্ত্ৰাসে নিদ্ৰা হৰিছে ৰাইজৰ লগতে বন কৰ্মী সকলৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply