চুলাই মদৰ ভাটি উচ্ছেদ

লখিমপুৰ– লখিমপুৰত চুলাই মদৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। লখিমপুৰৰ বিভিন্ন অঞ্চলত দীৰ্ঘদিন ধৰি চলি আহিছে চুলাই মদৰ ৰমৰমীয়া ব্যৱসায়। গাঁওসমূহত চুলাই মদৰ অবাধ প্ৰচলনে সমাজিক পৰিবেশ বিনষ্ট কৰাৰ লগতে বহু লোকৰ এই চুলাই মদ সেৱন কৰি ইতিমধ্যে বহুলোক মৃত্যুমুখত পৰিছে। কুম্ভকৰ্ণ নিদ্ৰাত থকা আবকাৰী বিভাগৰ নিষ্ক্ৰিয়তাৰ পূৰ্ণ সুযোগ লৈছে চুলাই মদৰ বেপাৰী সকলে। সোমবাৰে লখিমপুৰৰ মহাইজান, ঘাৰমৰা, ৰমনীচুক ,আজাদ ,ভুগমন আদি অঞ্চলত আৰক্ষী এটা দলে অভিযান চলাই কেবাটাও বৃহৎ বৃহৎ চুলাই মদৰ ভাটি উচ্ছেদ কৰে।

চুলাই মদ প্ৰস্তুত কৰা সৰঞ্জাম সমূহ নষ্ট কৰি পেলাই আৰক্ষীয়ে

চুলাই মদ প্ৰস্তুত কৰা ভাটি উচ্ছেদ কৰাৰ লগতে চুলাই বনাওঁতে ব্যৱহাৰ কৰা সা সৰঞ্জাম সমূহ নষ্ট কৰি পেলাই আৰক্ষীয়ে । লগতে জব্দ কৰে প্ৰায় ৫০০শ লিটাৰ কৈ চুলাই মদ।

এনেবোৰ অবৈধ সুৰাৰ ঘাটি উচ্ছেদ কৰাৰ বাবে স্থানীয় সচেতন ৰাইজে বিভিন্ন সময়ত জিলাখনৰ আবকাৰী বিভাগ আৰু আৰক্ষী প্ৰশাসনক দাবী জনাই আহিছে যদিও বিভিন্ন অজুহাত দেখুৱাই এই ক্ষেত্ৰত দৃঢ় পদক্ষেপ লোৱাৰ পৰা বিৰত থাকে। লখিমপুৰ আৰক্ষীৰ এনে পদক্ষেপক সচেতন মহলে শলাগ লৈছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply