প্ৰতিনিধিত্বমূলক ছবি

এইবাৰ অসমৰ আন এক শিহৰণকাৰী ধৰ্ষণকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে। অসমৰ লখিমপুৰ জিলাত সংঘটিত হৈছে এই নাৰকীয় কাণ্ড। ইতিমধ্যেই দুগৰাকীকৈ নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এটা টেম্পো চালক।

আৰক্ষীসূত্ৰত প্ৰকাশ যে লম্পট টেম্পোচালকজন বৃহস্পতিবাৰৰ সন্ধিয়া দুয়োগৰাকী কিশোৰীকে ঘৰত থৈ অহাৰ প্ৰতিশ্ৰুতিৰে টেম্পোখনত উঠাই লয়। ইয়াৰ পিছতে এক নিৰ্জন ঠাইলৈ লৈ গৈ নাৰকীয় কাণ্ড সংঘটিত কৰে। সম্প্ৰতি দুয়োগৰাকী কিশোৰীকে শিশু আশ্ৰয়গৃহত ৰখা হৈছে।

লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক লংনিট টেৰণে এই সন্দৰ্ভত কয়, “দুয়োগৰাকী কিশোৰী অৰুণাচল প্ৰদেশৰ নাহৰলগুণত ঘৰুৱা সহায়িকাৰ কাম কৰে। বৃহস্পতিবাৰে কোনো উপায়ে দুয়ো পলাই আহি লখিমপুৰ জিলাৰ বান্দৰদেৱাত উপস্থিত হয়, আৰু ইয়াৰ পৰাই দুয়োকে উদ্ধাৰ কৰা হৈছে।”

ধৃত ধৰ্ষণকাৰীটোৱে দুয়োকে গোটেই দিনটো নিজৰ লগত ৰাখি থয় আৰু সন্ধিয়া ১৫ বছৰীয়া ছোৱালীজনীক ধৰ্ষণ কৰে যদিও কোনো উপায়ে ছোৱালীজনী পলাবলৈ সক্ষম হয়। ইয়াৰ পিছত আনগৰাকী ছোৱালীক ধৰ্ষণ কৰিবলৈ লওঁতেই স্থানীয় ৰাইজে হাতে লোটে কৰায়ত্ত কৰে ধৰ্ষণকাৰীটোক।

ইতিমধ্যেই ভাৰতীয় দণ্ডবিধি আইন আৰু প’ক্সো আইনৰ অধীনত ধৰ্ষণকাৰীটোৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,022 other subscribers

Leave a comment

Leave a Reply